ডিজিটেল সংবাদ,লংকাঃ এজোপা পানী লাও গছ কটাৰ বাবেই পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহিল এগৰাকী পিতৃ। কাকী টঙীয়াৰ আবেদ আলি নামৰ এজন লোকক পুত্ৰ ফাইদুল ইছলামে দীৰ্ঘদিন ধৰি এটুকুৰা মাটিৰ বাবে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰায়েই পিতৃক দা,কুঠাৰ আদি লৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰে পুত্ৰই। এই অত্যাচাৰ পিতৃ আবেদ আলিয়ে নিৰৱে সহি আহিছিল। কিন্তু এইবাৰ আবেদ আলিৰ সহন শক্তি নোহোৱা হৈ পৰাত নিজক কৰা অত্যাচাৰ নিৰৱে সহি নাথাকি পুত্ৰৰ বিৰুদ্ধে কাকী আৰক্ষী থানাত গোচৰ ৰুজু কৰে। পুত্ৰ ফাইদুল ইছলামে এজোপা পানী লাও গছ কটাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে লোকজনে।
পুত্ৰৰ চৰম অত্যাচাৰ সহি থকা আবেদ আলিয়ে এজোপা পানী লাও গছ কটাৰ বাবে পুত্ৰৰ বাবে গোচৰ তৰিব অহাৰ ঘটনাই,গছৰ প্ৰতি অগাধ ভালপোৱা নে পুত্ৰৰ বিৰুদ্ধে পিতৃৰ পুৰ্বৰ ঘটনাৰ ওপৰত উমি উমি জ্বলি থকা ক্ষোভৰ উদগীৰণ,সেয়া কিন্তু ৰহস্য।
Also Read: পুলিচ ভেৰিফিকেচনৰ নামত জালিয়াতি কৰি আৰক্ষীৰ জালত আৰক্ষী কনিষ্টবল...