ডিজিটেল সংবাদ, ওদালগুৰি: প্ৰয়াত প্ৰীতমজ্যোতি দাসৰ সোঁৱৰণত যোৱা ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা সাতদিনীয়া হোলীগীতৰ বাদ্য ঢোলকৰ প্ৰশিক্ষণৰ সোমবাৰে সামৰণি কৰে। ওদালগুৰি শংকৰী নামধৰ্ম প্ৰচাৰ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত প্রশিক্ষণৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছিল শংকৰী কলা-কৃষ্টিৰ সাধক তথা ওদালগুৰিৰ বিশিষ্ট নাগৰিক সতীশ চন্দ্র দাসে।
বৰপেটাৰ পৰা অহা দক্ষ প্রশিক্ষক পাণ্ডৱ দাসে উক্ত প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। এই সামৰণি অনুষ্ঠানত প্ৰয়াত প্ৰীতমজ্যোতি দাসৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে ওদালগুৰিৰ সাংবাদিক গৌতমজ্যোতি তালুকদাৰে। তেখেতে বন্তিপ্ৰজ্বলন কৰি প্ৰান কৰা ভাষণত আগন্তুক দিনতো এনেধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰিলে হয়টো প্ৰশিক্ষাৰ্থীসকল অধিক উপকৃত হ'ব বুলি প্ৰকাশ কৰে।
সামৰণি অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলে বহুত নতুন কথা শিকাৰ কথা উল্লেখ কৰি আগন্তুক দিনবোৰতো এনে প্ৰশিক্ষণ অনুষ্ঠিত কৰিলে অধিক উপকৃত হব বুলি উল্লেখ কৰে। উক্ত ঢোলকৰ প্ৰশিক্ষণত প্ৰায় ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
প্ৰশিক্ষণটোৰ আয়োজক তথা প্ৰয়াত প্রীতমজ্যোতিৰ পিতৃ বনমালী দাস আৰু মাতৃ জ্যোৎস্না'বৰ্মন দাস সকলোকে ধন্যবাদ জনাই আগন্তুক দিনতো এনে কাৰ্যসূচী হাতত লোৱাৰ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হব বুলিও উদ্যোক্তাই প্ৰকাশ কৰে। সামৰণি অনুষ্ঠানত জ্যোৎস্না'বৰ্মন দাসৰ দলৰ দ্বাৰা হোলীগীতো পৰিৱেশন কৰা হয়।
Also Read: ৰঙিয়া চিকিৎসালয়ৰ ব্লাড বেংকৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন ভৱেশ কলিতাৰ...