ইমান সোনকালে অসমীয়াই তেওঁক পাহৰিব পাৰেনে !

কোন আছিল তেওঁ ? কি কৰিছিল অসমীয়াৰ বাবে ? কিমান অৱদান আছে অসমীয়া লৈ, অসমীয়া সাহিত্য জগতলৈ ?

author-image
Asomiya Pratidin
New Update
ইমান সোনকালে অসমীয়াই তেওঁক পাহৰিব পাৰেনে !

লশ্মিতা শইকীয়া

জাতিৰ আয়ুস্মান আছিল তেওঁ। উজ্বল নক্ষত্ৰ হৈ জিলিকাই গৈছে সাহিত্যৰ ভঁৰাল। আছিল তেওঁ চতুৰ্থ স্তম্ভৰ অন্যতম সত্তা। মননশীল লেখাৰে সাহিত্যৰ অন্যতম কাণ্ডাৰী ৰূপে সকলোৰে পৰিচিত আছিল প্ৰতিজন অগ্ৰজ আৰু অনুজৰ মাজত। কথাশিল্পী হিচাবে পৰিচিত তেওঁ অসমীয়াৰ মাজত।

সমাজৰ উত্তৰণশীল কামত অৱদান তেওঁৰ অগণন। একক আৰু অনন্য পৰিচয়েৰে নিজৰ নাম ইতিহাসত খোদিত কৰাই নহয়, সাহিত্যৰ ক্ষেত্ৰত অপূৰণীয় অৱদান আগবঢ়াই গৈছে এইজনা মহান পুৰুষে। যাক আদিৰ পৰা অনাদি কাললৈ খোজে খোজে স্মৰণ কৰিব প্ৰতিজন অসমীয়াই। তেওঁ হোমেন বৰগোহাঞি।

"সাউদৰ পুতেকে নাও মেলি যায়"ৰ পৰা "আত্মানুসন্ধান"ৰে "ধুমুহা আৰু ৰামধেনুৰ" বাটেৰে "পিতা পুত্ৰ" লৈ, এক অনবদ্য সৃষ্টিৰে সমৃদ্ধ কৰি গৈছে অসমীয়া সাহিত্য ভঁৰাল। সৃষ্টিৰে জগত জিনা এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ এখন তেনেই সাধাৰণ গাঁৱত।

তাৰ পৰাই শিক্ষা জীৱনৰ পাতনি মেলা বৰগোহাঞিদেৱৰ শৈক্ষিক যাত্ৰা আছিল ডিব্ৰুগড়ৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা কটনৰ বাকৰিলৈ। আৰু ইয়াৰ পিছৰ পৰ্যায়খিনি আছিল তেওঁ জাতিৰ বাবে উচৰ্গা কৰা সৃষ্টি। যাৰ জৰিয়তে সমৃদ্ধ হয় আমাৰ সাহিত্য-সংস্কৃতিৰ মেটমৰা ভঁৰাল।

সাপ্তাহিক "নীলাচল" কাকতৰ পৰা সাংবাদিক জীৱন আৰম্ভণি কৰা বৰগোহাঞিদেৱে সাপ্তাহিক কাকত "নাগৰিক", বঙালী কাকত "আজকাল" আদিৰে "আমাৰ অসম" "নিয়মীয়া বাৰ্তা" লৈ সেৱা আগবঢ়াই জনজীৱনৰ বাবে মাতমাতি গৈছিল। যি বাটত তেওঁৰ পৰশত প্ৰাণ পাই উঠে- হালধীয়া চৰাইয়ে বাও ধান খায়, অন্তৰাগ, তিমিৰ তীৰ্থ, কুশীলৱ, বিষন্নতা, এদিনৰ ডায়েৰি, নিসংগতা, সুবালা আদিৰ দৰে উচ্চস্তৰীয় উপন্যাসে।

এই বাটতে তেওঁ ৰচনা কৰে আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰৰ দৰে আত্মজীৱনী। তদুপৰি গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা আদি তেওঁৰ বিশেষ সৃষ্টি। আকৌ পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে মিলি লিখা অসমীয়াৰ একমাত্ৰ দ্বৈত উপন্যাস আছিল "পুৱাৰ পূৰবী সন্ধিয়াৰ বিভাস"।

ইমানেই নহয়, সুস্থ জীৱন-যাপন কৰাৰ পৰা আদি কৰি সুস্থ সমাজ গঢ়া লৈ যিবোৰ উপাদান প্ৰয়োজনীয়, কেনেধৰণৰ কথাই সমাজ উন্নীত কৰিব পাৰে, যোগাত্মক চিন্তধাৰা কেনেদৰে আঁকোৱালি ল'ব লাগে সকলোৰে দিহা তেওঁ লিখিত ৰূপত দি গৈছে।

এইয়া হ'ল তেওঁৰ সৃষ্টি। ইয়াৰ ওপৰি তেওঁ আমাক কি দিছে সেইয়া বৰ্ণনা কৰা কঠিন। সময়োপযোগী লেখা-দৃশ্যশ্ৰৱ্য আলোচনা আদিৰ মাধ্যমে সমাজত সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাত তেওঁৰ আছে অন্যতম অৱদান। যাৰ বাবে বৰগোহাঞিদেৱে লাভ কৰে সাহিত্য অকাডেমি বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ আদিৰ দৰে সন্মানীয় বঁটা।

যিবোৰ আছিল তেওঁৰ আৰ্জিত-উপাৰ্জিত। যাৰ সহায়ত প্ৰতি খোজতেই অসমীয়াই লাভ কৰি আহিছে অনুপ্ৰেৰণা, উৎসাহ, ন-সৃষ্টি, সত্যতা, মনোবল, সততাৰ বাট। যি বাটেৰে বাট বোলাই আগবাঢ়িব পাৰিছে অসমীয়া।

আজি এইজনা মহান অসমীয়াৰ দুবছৰীয়া পূণ্য তিথি। ২০২১ বৰ্ষৰ আজিৰ দিনটোতে কোভিড'ত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয় হোমেন বৰগোহাঞিদেৱে। আৰু ইয়াৰ লগে লগে অন্ত পৰিছিল এটা যুগৰ।

অসমে হেৰুৱাইছিল এজন অভিভাৱকক। হেৰুৱাইছিল সাহিত্য জগতক স্তৰে স্তৰে আগুৱাই নিয়া মূল মানুহজনক। সমাজক সঠিক বাট দেখুৱাই দিয়া পুৰোধা ব্যক্তিজনক।

ব্যক্তিজনে আমাক এৰি যোৱা দুবছৰ হ'ল । আজি তেওঁৰ পুণ্য তিথি। অসমীয়াৰ আয়ুস্মান এইজনা ব্যক্তিক মাত্ৰ দুবছৰতে পাহৰিল নেকি অসমীয়াই ? এইয়া এই মুহূৰ্তত হৈ পৰিছে ডাঙৰ প্ৰশ্ন।

কিয়নো আজিৰ দিনটোত ৰাজ্যখনৰ কোনো এটা চুকে-কাণে নাই পুৰোধাজনক স্মৰণৰ বিশেষ আয়োজন। আনহে নালাগে চৰকাৰী ভাৱেও তেওঁৰ স্মৃতিত আয়োজন কৰা নহ'ল কোনো অনুষ্ঠান। সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি আছিল তেওঁ। সেই সাহিত্য সভায়ো আজি যেন পাহৰিলে এইগৰাকী প্ৰাক্তন সভাপতিক।

অনুষ্টুপীয়া কৈ দুই এঠাইত কোনোৱে অৱশ্যে তেওঁক স্মৰণ কৰি অনুষ্ঠান আয়োজন কৰিছে। কিন্তু সেইয়া আছিল তেনেই নগন্য। কিহত ব্যস্ত অসমীয়া ? কিহত ব্যস্ত ৰাজ্য চৰকাৰ ? ক'ত হেৰাল অসম সাহিত্য সভা? ক'ত হেৰাল সাহিত্যৰ সংগঠক হোৱাৰ হেতাউপৰা লগোৱাসকল?

আমি যেন আজি চমক দেখুওৱাৰ ভমকত হেৰাই গৈছো। আমি সকলোৱে সঁচাই পাহৰিলো নেকি হোমেন বৰগোহাঞি কোন ?

২০০১-২০০২ বৰ্ষৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি আছিল তেওঁ। দুখজনক কথাটো হ'ল যে, অসম সাহিত্য সভাও কোনো এটা পদক্ষেপ নল'লে ব্যক্তিজনক স্মৰণৰ বাবে। এসময়ত যিখন সাহিত্য সভাৰ আসন সোঁৱনি কৰিছিল সেইখন অসম সাহিত্য সভাই পাহৰিল হোমেন বৰগোহাঞিক। মাথো ইমানেই নহয় বিগত দহটা বৰ্ষত অসম সাহিত্য সভাই কোনো এজন প্ৰাক্তন সভাপতিকেই দিয়া নাই উচিত সন্মান। দহটা বৰ্ষৰ পূৰ্বৰ কথা নকলোৱে যেনিবা। দহটা বৰ্ষৰ ভিতৰৰ কথা যদি কওঁ, অতি শেহতীয়াভাৱে ২০১৬ চনত ১৯৮৯ বৰ্ষত ডুমডুমা অধিৱেশনৰ আসন সোঁৱনি কৰা মহিম বৰাদেৱও ইহলীলা সম্বৰণ কৰে। তেওঁৰ স্মৃতিতো আজি পৰ্যন্ত অসম সাহিত্য সভাই নল'লে বিশেষ পদক্ষেপ।

আনহাতে ২০২১ বৰ্ষত আন এজন পুৰোধা ব্যক্তি লক্ষীনন্দন বৰাও সাহিত্য জগত উকা কৰি যায়। তেওঁকো অসম সাহিত্য সভাই দিয়া নাই উচিত সন্মান। আনহে নালাগে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাইও ১৯৯৩ চনত শিৱসাগৰ অধিৱেশনৰ আসন সোঁৱনি কৰাৰ কথা সৰ্বজন জ্ঞাত। অসমীয়াই এইসকল ব্যক্তিক যি সন্মান দিব লাগে সেইয়া দি আহিছে আৰু দি যাব। পিছে অসম সাহিত্য সভাই কিয় বাৰে বাৰে পাহৰে এই পুৰোধা ব্যক্তিসকলক।

অৱশ্যে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এইজনা মহান অসমীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাইছে। কিন্তু তেওঁৰো দায়িত্ব তাতেই শেষ নে? দল-সংগঠন সমূহৰো নাই বিশেষ আয়োজন।

কলমৰ চিয়াঁহীৰে অসমৰ মান ৰক্ষা কৰা ব্যক্তিসকলক আমি মাত্ৰ জীৱিত কালতহে সন্মান দিওঁ নেকি ? সমান্তৰালভাৱে তেওঁৰ স্মৃতি ৰক্ষাৰ অৰ্থে কি কি কৰা হৈছে বুলি প্ৰশ্ন কৰিলে অসমীয়াই নিজেই নিজৰ ওচৰত লাজ পোৱাৰ উপক্ৰম।

পুৰোধা জনে ব্যৱহাৰ কৰা সামগ্ৰী সমূহো বৰ্তমান তথৈবছ অৱস্থাত। নাই উচিত সংগ্ৰহৰ ব্যৱস্থা। নিৰ্জন হৈ পৰি ৰৈছে গুৱাহাটী মহানগৰীত অৱস্থিত তেওঁৰ মৰমৰ ঘৰটো।

কোন দিশে আমি ? কিমানৰ অসমীয়া আমি ? সৃষ্টিক সন্মান দিব নোৱাৰা অসমীয়াই সৃষ্টিৰ বাটত আগবঢ়াৰ কথা ভাবিব পাৰিব জানো কেতিয়াবা?

Also Read: মণিপুৰত বোমা বিস্ফোৰণ: গুৰুতৰভাৱে আহত আছাম ৰাইফলছৰ জোৱান...

asom sahitya sabha