ওৰাঙত বিষাক্ত কাঠফুলা সেৱন কৰি ৭ জন চিকিৎসাধীন...

ওৰাঙত বিষাক্ত কাঠফুলা সেৱন কৰি ৭ জন চিকিৎসাধীন...
Published on
Updated on

ডিজিটেল সংবাদ,ওৰাংঃ ওৰাঙৰ নেপালপাৰা গাঁৱত দেওবাৰে বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰে ৭ গৰাকীকৈ লোক। অসুস্থ ব্যক্তি কেইগৰাকীক ওৰাং সামূহিৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়।নেপালপাৰা গাঁৱৰ কাঞ্চি লিম্বু (৫৯), কৃষ্ণলাল লিম্বুৰ কন্যা মনিকা লিম্বু (২০), মমিতা লিম্বু (১৭) বনৰীয়া কাঠফুলা খাই দিনৰ ১২ বজাত অসুস্থ হৈ পৰে।

আনহাতে একেখন গাঁৱৰে খেমবাহাদুৰ লিম্বুৰ পত্নী বীপৰানী লিম্বু (৫২),পদুম বাহাদুৰৰ পত্নী আইটাৰানী লিম্বু (৪২),পদুম বাহাদুৰ লিম্বুৰ কন্যা অনিষা লিম্বু (২৩) বিগ্যানী লিম্ব (১২) পথাৰ পৰা তুলি অনা কাঠফুলা খাই দিনৰ ২ মান বজাত অসুস্থ হৈ পৰে। তেওঁলোকক সন্ধিয়া ৭ মান বজাত ওৰাং চিকিৎসালয়ত ভৰ্তি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in