নগাঁও জিলাৰ ৭টা বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীণৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান

আৰ্তজনলৈ গৃহ প্ৰদানেৰে জীৱন-ধাৰণৰ মান উন্নীতকৰণৰ লক্ষ্যৰে ১৯ মাৰ্চ ২০২৫ বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন-পত্ৰ প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ , নগাঁও : আৰ্তজনলৈ গৃহ প্ৰদানেৰে জীৱন-ধাৰণৰ মান উন্নীতকৰণৰ লক্ষ্যৰে ১৯ মাৰ্চ ২০২৫ বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন-পত্ৰ প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পলাশবাৰীৰ ৰামপুৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নগাঁও জিলাৰ বঢ়মপুৰ, নগাঁও-বটদ্ৰবা, কলিয়াবৰ, ৰূপহীহাট, ধিং, ৰহা বিধানসভা সমষ্টিৰ সমান্তৰালকৈ চামগুৰি বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ৪,৮৭৫ গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত পকীঘৰ প্ৰদান কৰা হৈছে । 

আজিৰ এই অনুষ্ঠানত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি বিশিষ্ট নাগৰিক আৰু হিতাধিকাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, এই পদক্ষেপৰ অংশ হিচাপে ৩৭,৫০০ টকাৰ প্ৰথম কিস্তি হিতাধিকাৰীসকলৰ ঘৰ নিৰ্মাণত সহায়ক হোৱাকৈ আজিৰ পৰায়ে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা দিয়া হ'ব । 

হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত নোহোৱা অথচ যোগ্য হিতাধিকাৰীসকলৰ বাবে ১৭ৰ পৰা ২৬ মাৰ্চৰ ভিতৰত ৰাজ্যজুৰি এক জিঅ'-টেগিং জৰীপ কৰা হ'ব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা