ডিজিটেল সংবাদ ,ঢকুৱাখনা : অসম আৰক্ষীক শিষ্টাচাৰী ,সংযমী আৰু জনহিতৈষী হ'বলৈ আৰক্ষী সঞ্চালক প্ৰধানে যিমানেই আহ্বান নজনাওক, ঢকুৱাখনাৰ এচাম আৰক্ষীয়ে তাৰ প্ৰতি যেন ভ্ৰূক্ষেপে নকৰে । নিজৰ পোচাকী শক্তিৰ অপপ্ৰয়োগ কৰি নিৰীহৰ ওপৰত নিৰ্যাতন চলোৱাটো এতিয়া ঢকুৱাখনা আৰক্ষীৰ বাবে এক স্বভাবলৈ পৰিণত হৈছে ।
নিঃস্বাৰ্থ জনসেৱাৰে আৰক্ষী জনতাৰ সুসম্পৰ্ক গঢ়াৰ পৰিৱৰ্তে এতিয়া একাংশ ঢকুৱাখনা আৰক্ষীয়ে হকে- বিহকে ধন সংগ্ৰহৰ লগতে নিৰীহক দাগী অপৰাধী সজাই অকথ্য মানসিক নিৰ্য্যাতন চলাই ঢকুৱাখনা আৰক্ষীক গণ বিচ্ছিন্ন কৰি তোলাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ মুখে মুখে । শেহতীয়াভাৱে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাউলধোৱা আৰক্ষী চকীৰ আহতগুৰি গাঁৱৰ এগৰাকী নিৰীহ যুৱকৰ ওপৰত ঢকুৱাখনা আৰক্ষীয়ে তীব্ৰ মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
ভুক্তভোগী যুৱকজনে জনোৱা মতে যোৱা ১১ নৱেম্বৰত চাউলধোৱা আৰক্ষীৰ নিৰ্দেশ মতে লখিমপুৰ সদৰৰ এটা ব্যক্তিগত কোম্পানীৰ সন্মানীয় পদত অধিষ্ঠিত যুৱকজন কৰ্ম সামৰি চাউলধোৱা আৰক্ষী চকীত সন্ধিয়া উপস্থিত হয় । কোনো কাৰণ নোহোৱাকৈ কিয় মাতিছে বুলি যুৱকজনে প্ৰশ্ন কৰাত ঢকুৱাখনা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ সংক্ৰান্তত মতা বুলি কৈ নিশা যুৱকজনক ঢকুৱাখনাৰ পৰা যোৱা এটা আৰক্ষীৰ দলৰ হাতত গতাই দিয়ে ।
ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ জিম্মালৈ যোৱাৰ পাছতে নিৰীহ যুৱকজনৰ ওপৰত আৰম্ভ হয় তীব্ৰ মানসিক নিৰ্যাতন আৰু অসভ্য গালি ভয় ,ভাবুকি । ঢকুৱাখনা আৰক্ষীৰ দলটোৱে যুৱকজনৰ হাতত দাগী অপৰাধীৰ দৰে হাতত "হেণ্ডকাফ" লগাই গাড়ীত উঠাই নিশা লৈ আনে ঢকুৱাখনা থানালৈ।
কিন্তু একো অপৰাধ নকৰাৰ পাছতো কিয় এনেদৰে মানৱ অধিকাৰ খৰ্ব কৰি নিৰ্যাতন চলোৱা হৈছে তাক জানিবলৈ বিচৰাত লগত যোৱা এজন ত্ৰয়োদশ অসম আৰক্ষীৰ বেটেলিয়ানৰ জোৱানে শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে অন্য এজনে অশ্লীল ভাষাৰে গালি দি মাজ নিশা থানাত উপস্থিত হৈ "লকআপত" অন্য অপৰাধীৰ সৈতে ভৰাই থয় ।
যুৱকজনৰ মোবাইল জব্দ কৰি চলোৱা এনে দাম্ভিক আচৰণ সন্দৰ্ভত পাছত যুৱকজনে জানিব পাৰি ঢকুৱাখনা থানাত এগৰাকী মহিলাই ৰুজু কৰিছে এক গোচৰ । মহিলাগৰাকীলৈ কোনোবা অজ্ঞাত ব্যক্তিয়ে অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে গোচৰ তৰিছে ।
সেই গোচৰৰ ভিত্তিত যুৱকজনক আটক কৰি চলোৱা হৈছে এই নিৰ্যাতন । এনে সময়তে যুৱকজনৰ মোবাইল আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে পুনৰ মহিলাগৰাকীলৈ বাৰ্তা আহিল । আৰক্ষীৰ সন্মুখতে মহিলাগৰাকীৰ মোবাইল লৈ বাৰ্তা অহাত নিৰীহ যুৱকজনে আৰক্ষীক প্ৰশ্ন কৰিলে- যদি ময়ে দোষী কিদৰে মোবাইল বন্ধ হৈ আৰক্ষীৰ হাতত থকাৰ পাছত পুনৰ বাৰ্তা আহিল ।
এইবাৰ দাম্ভিক ঢকুৱাখনা আৰক্ষীৰ চেতনা আহিল । পতিয়ন গ'ল যে যুৱকজনে বাৰ্তা প্ৰেৰণ কৰা নাছিল। দাগী অপৰাধী গণ্য কৰি যুৱকজনক নিশাটো লকআপত ভৰাই বীৰত্ব প্ৰদৰ্শন কৰা ঢকুৱাখনা আৰক্ষীয়ে পাছদিনা পুৱালৈ আত্মীয়ৰ জিম্মাত যুৱকজনক গতাই দিয়ে নিৰ্দোষীতা ঘোষণাৰে ।
এটা মিছা অভিযোগৰ ভিত্তিত ভদ্ৰ যুৱকজনক এনেকৈ সন্মান হানি কৰি আটক কৰা, হেণ্ডকাফ লগাই আনি নিশাটো লকআপত ৰখাৰ বাৰ্তা বিয়পি পৰাত লজ্জানত হৈছে নিৰীহ যুৱকজন । জিলা সদৰৰ এটা আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মৰ্য্যদাপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি থকা অমায়িক , নিৰ্দোষী যুৱকজনক কি তথ্য প্ৰমাণৰ ভিত্তিত এনেদৰে দাগী অপৰাধী সজাই হেণ্ডকাফ লগাই ,নিশাটো লকআপত ভৰাই মানৱ অধিকাৰ খৰ্ব কৰা হল তাৰ উত্তৰ বিচাৰিছে ভুক্তভোগী যুৱকজনে ।
এগৰাকী ভদ্ৰ , নিৰ্দোষী যুৱকক অভব্য ব্যৱহাৰ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা উদণ্ড আৰক্ষী ,গৃহৰক্ষী আৰু বেটেলিয়ানজনৰ বিৰুদ্ধে কি অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিব জিলা আৰক্ষী অধীক্ষক আৰু ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়কে তালৈ অপেক্ষা কৰিছে ন্যায়কামী ৰাইজে । ব্ৰিটিছৰ আমোলতে ১৮৫৭ চনতে স্থাপিত ঢকুৱাখনা থানাত সম্প্ৰতি একাংশ শিষ্টাচাৰহীন, লুভীয়া আৰক্ষীৰ প্ৰয়োভৰ ঘটাৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনা আৰক্ষী বুলিলেই সচেতন নাগৰিকৰ ঘৃণাৰ ভাব জন্মা পৰিলক্ষিত হৈছে ।