তিতাবৰ সীমান্তত প্ৰবল বৃষ্টিপাতঃ বৰহোলাত মথাউৰি ভাঙি বালিয়ে পুতিলে শ শ বিঘা কৃষিভূমি...

কৃষকৰ মাজত হাঁহাকাৰ পৰিস্থিতি
তিতাবৰ সীমান্তত প্ৰবল বৃষ্টিপাতঃ বৰহোলাত মথাউৰি ভাঙি  বালিয়ে  পুতিলে শ শ বিঘা কৃষিভূমি...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ বৰহোলাৰ অসম-নাগালেণ্ড সীমান্তত কালি সন্ধিয়া মূষুলধাৰ বৰষুণৰ ফলত হোৱা বানপানীয়ে কৃষকৰ শ শ বিঘা সজাল ধৰা ৰোৱা বালিৰে পুতি পেলোৱাত হাহাকাৰ পৰিস্থিতি হয়। উল্লেখ যে কালি সন্ধিয়া বেকাজান আৰু নগা পাহাৰত দুঘণ্টা ধৰি প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত বালিজান আৰু বেকাজান নদী দুখন ফেনেফুটুকাৰে উপচি পৰাত বাঢ়নি পানীয়ে বেকাজান এশঘৰীয়া গাঁও আৰু কাকডোঙা হাবি গাঁৱৰ ৮ নং ব্লকত মথাউৰি ভাঙি বিস্তৃত অঞ্চলৰ ৰোৱা নষ্ট কৰে।

সীমান্তবাসী ৰাইজে জানিবলৈ দিয়া মতে চুবুৰীয়া নাগালেণ্ডৰ চাংপাঙ বস্তিত অবৈধ কয়লাখনিৰ পৰা ওলোৱা অৱশিষ্ট এৰি দিয়াৰ ফলত নদীৰ বুকু বাম হৈ পৰিছে যাৰফলত এতিয়া বাঢ়নি পানীয়ে মথাউৰি ভাঙি এশঘৰীয়া গাঁৱৰ শ শ বিঘা কৃষিভূমি বালিয়ে সম্পূৰ্ণকৈ পুতি পেলায়। আনহাতে বেকাজান নদীখন খনন নকৰাৰ ফলত বানপানী বেকাজান প্ৰাথমিক বিদ্যালয় আৰু আৰক্ষী চকীক, মূল গড় আলিকে ধৰি সমগ্ৰ অঞ্চল প্লাবিত কৰি পেলায়।

বানে একাংশ খেতিয়ক নতুনকৈ ৰোৱা বালিয়ে পুতি সমান কৰি পেলায়। ইফালে চেনিজান গাঁৱতো পাহাৰৰ পৰা পানীয়ে তিতাবৰ পানীখেতি সংযোগী গড় আলিটোৰ লগতে এটা কালভাৰ্ট বহু অংশ খহাই নিয়ে । পথটো খহাই নিয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে। ইফালে কাকডোঙা হাবি গাঁৱৰ ৮ নং ব্লকত খৰস্ৰোতা বালিজান নদীয়ে মথাউৰি চিঙি পেলোৱাৰ ফলত শ শ বিঘা ৰোৱা বালিয়ে পুতি পেলায়।

ৰাইজে জানিবলৈ দিয়া মতে বালিজান নদীখনৰ নামনি অংশ ঠেক হোৱাৰ বাবে বানপানীয়ে প্ৰতিবছৰে মথাউৰি ভাঙি বিস্তৃতীৰ্ণ কৃষিভূমি নষ্ট কৰি আহিছে । ৰাইজে চৰকাৰৰ নদীখনৰ নামনি অংশ খনন কৰি বহল কৰি দিবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই।

ইফালে কালি অঞ্চলটোত বানপানীয়ে দুখনকৈ গাঁৱৰ শ শ বিঘা ৰোৱা পুতি পেলোৱাৰ পিছত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা হওক বা অভিভাৱক মন্ত্ৰী অজন্তা নেওগে হওক কোনেও খবৰ লবলৈ আহৰি নোপোৱা ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা বিপদৰ সময়ত ৰাইজলৈ পিঠি কাৰ্যক ধিক্কাৰ দিছে । সীমান্তবাসী ৰাইজে শীঘ্ৰে মথাউৰি নিৰ্মাণ আৰু নদী দুখন খনন কৰিবলৈ মন্ত্ৰী অজন্তা নেওগক আহবান জনাইছে।

তিতাবৰ সীমান্তত প্ৰবল বৃষ্টিপাতঃ বৰহোলাত মথাউৰি ভাঙি  বালিয়ে  পুতিলে শ শ বিঘা কৃষিভূমি...
উত্তপ্ত বাংলাদেশৰ পৰা সুকলমে ঘৰ পালে লংকাৰ চুহানা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in