ভাৰত তথা বিশ্ব বজাৰত বৃদ্ধি পাইছে হোণ্ডাইৰ চাহিদাঃ মুকলি নতুন কাৰখানা

হোণ্ডাই মটৰ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে ভাৰতত উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁলোকে ভাৰতীয় বাহনৰ বজাৰখনৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
উৎপাদন বৃদ্ধি কৰিছে হোণ্ডাই

ডিজিটেল ডেস্কঃ হোণ্ডাই মটৰ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে ভাৰতত উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁলোকে ভাৰতীয় বাহনৰ বজাৰখনৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

কেৱল ভাৰতৰ দেশীয় বজাৰতেই হোণ্ডাইৰ বাহনৰ চাহিদা বৃদ্ধি হোৱা নাই প্ৰতিষ্ঠানটোৰ ৰপ্তানি চাহিদাও বৃদ্ধি পাইছে। হোণ্ডাই মটৰ ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ উনছু কিমে জনোৱা অনুসৰি ভাৰতীয় বজাৰত বাহনৰ চাহিদা বৃদ্ধি পাইছে।

তাৰোপৰি মধ্যপ্ৰাচ্য, আফ্ৰিকা, দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকাৰ বজাৰতো তেওঁলোকৰ ৰপ্তানি চাহিদা বৃদ্ধি পাইছে। তেওঁ কয়, আমাৰ উৎপাদন ব্যৱস্থা এই উত্থানশীল বজাৰৰ বাবে অতি উপযুক্ত। 

কিমে পুনৰ কয়, হোণ্ডাই মটৰ ইণ্ডিয়াৰ বাহন ইনভেণ্টৰী আৰু ভাৰতত বৰ্ধিত বিক্ৰী পৰিমাণে কোম্পানীটোৰ বাবে এক শক্তিশালী বিকাশৰ সুযোগ সৃষ্টি কৰিছে। ভাৰতীয় বজাৰ আৰু ৰপ্তানিৰ সংমিশ্ৰণে আমাক লাভজনক আৰু বজাৰৰ তাৰতম্যৰ বিৰুদ্ধে এক প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰিছে।

চাহিদা বৃদ্ধিৰ সৈতে তাল মিলাবলৈ হোণ্ডায়ে ইয়াৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰিত কৰিছে। মহাৰাষ্ট্ৰৰ পুনেত নিৰ্মাণ কৰিছে এটা নতুন কাৰখানা। হোণ্ডাইৰ কাৰখানাৰ এই সম্প্ৰসাৰণৰ ফলত মুঠ উৎপাদন ক্ষমতা ১১ লাখ ইউনিটলৈ বৃদ্ধি পাইছে।

ফলত ভাৰতীয় বজাৰত চাহিদা পূৰণ কৰাৰ লগতে ৰপ্তানিৰ চাহিদা পূৰণ কৰাতো সহায়ক হৈছে। অৱশ্যে যোৱা তিনিমাহত হোণ্ডাইৰ ৰপ্তানিৰ সংখ্যা কিছু হ্ৰাস পাইছে।

বিশেষকৈ লোহিত সাগৰৰ সংকট আৰু মধ্য প্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে ৰপ্তানিত প্ৰভাৱ পৰিছে। তাৰোপৰি ঋতুগত চাহিদাৰ বাবেও ঘৰুৱা বিক্ৰীও সামান্য হ্ৰাস পাইছে। 

বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত হোণ্ডাই মেনেজিং ডাইৰেক্টৰ কিমে কয়, হোণ্ডায়ে ভাৰতীয় বজাৰত বৈদ্যুতিক আৰু বেটাৰী প্ৰযুক্তিৰে এক বৈদ্যুতিক পৰিস্থিতিতন্ত্ৰ গঢ়িবলৈ সাজু হৈছে। তেওঁ কয় আমি ভাৰতৰ বজাৰৰ বাবে চাৰিটা বৈদ্যুতিক মডেল মুকলি কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ ভিতৰত আছে গ্ৰাহকে আদৰি লোৱা ক্ৰেটাও।

বৈদ্যুতিক বাহন