ICC মহিলা টি-২০ বিশ্বকাপঃ বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুঁলিল ডুবাইৰ...

ICC মহিলা টি-২০ বিশ্বকাপঃ বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুঁলিল ডুবাইৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অস্থিৰ বাংলাদেশত অনুষ্ঠিত নহয় আই চি চি মহিলা টি-২০ বিশ্বকাপ। শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে আই চি চি মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হবলগীয়া স্থানৰ নাম। উল্লেখ কৰা প্ৰয়োজন যে, এইবেলি আই চি চি মহিলা টি-২০ বিশ্বকাপৰ আয়োজক আছিল বাংলাদেশ। কিন্তু অস্থিৰ পৰিৱেশৰ বাবে শেষ মূৰ্হুতত আই চি চিয়ে এইবাৰৰ আই চি চি মহিলা টি-২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

অস্থিৰ পৰিৱেশ স্বত্বেও বাংলাদেশ ক্ৰিকেট বৰ্ডে আই চি চিক ৫দিনৰ সময় বিচাৰিছিল। কিন্তু আই চি চিয়ে মহিলা টি-২০ বিশ্বকাপৰ সুৰক্ষাক লৈ চিন্তিত হৈয়ে এইবেলি সকলো টুৰ্ণামেন্ট ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

আই চি চিৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় যে, বাংলাদেশত বিশ্বকাপ অনুষ্ঠিত কৰিব নোৱাৰাতো আমাৰ বাবে যথেষ্ট নিৰাশাজনক কথা। বাংলাদেশ ক্ৰিকেট বৰ্ডে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছিল যদিও বিভিন্ন দেশৰ টীমে বাংলাদেশত সুৰক্ষাগত দিশটোক লৈ চিন্তা ব্যক্ত কৰে। যাৰ বাবে আমি এইবেলি ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ মেচসমূহ ছিলেট আৰু ঢাকাস্থিত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সূচী তৈয়াৰ কৰা হৈছিল। অহা অক্টোবৰ মাহৰ ৩ তাৰিখৰ পৰা ২০অক্টোবৰৰ লৈকে চলিব এই আই চি চি মহিলা টি-২০ বিশ্বকাপ।

ICC মহিলা টি-২০ বিশ্বকাপঃ বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুঁলিল ডুবাইৰ...
ক'ত হ'ব ICC মহিলা টি-২০ বিশ্বকাপ? অস্থিৰ বাংলাদেশৰ বিকল্পৰ সন্ধান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in