জল জীৱন মিছনৰ কাম চাবলৈ মায়ঙত উপস্থিত আই আই টি মাদ্ৰাজৰ অভিযন্তা

আই আই টি মাদ্ৰাজৰ কিউবৰ পৰা অহা অভিযন্তা বিজয় সিং সোমবাৰে মৰিগাঁও জিলাৰ মায়ঙত উপস্থিত হৈ সতীভেটী ঔগুৰি পানী যোগান প্ৰকল্পটো পৰিদৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
মায়ং

ডিজিটেল সংবাদ, মায়ং : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত অভিলাসী আচনি জল জীৱন মিছন ৰ কাম কাজ পৰিদৰ্শন কৰিবলৈ মায়ঙলৈ আহিছে আই আই টি মাদ্ৰাজৰ অভিযন্তা। আই আই টি মাদ্ৰাজৰ কিউবৰ পৰা অহা অভিযন্তা বিজয় সিং সোমবাৰে মৰিগাঁও জিলাৰ মায়ঙত উপস্থিত হৈ সতীভেটী ঔগুৰি পানী যোগান প্ৰকল্পটো পৰিদৰ্শন কৰে।

দহদিনীয়া কাৰ্যসূচী হাতত লৈ অহা অভিযন্তাগৰাকীয়ে ইতিমধ্য উজনি অসমৰ কেবাখনো জিলাৰ জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা প্ৰকল্প পৰিদৰ্শন কৰি মৰিগাঁও জিলাত আজিৰে পৰা আৰম্ভ কৰিছে। আজি আগবেলা ভাগত জাগীৰোডৰ সমীপৱৰ্তী পশ্চিম আৰু দক্ষিণ চেনিমাৰী পানী যোগান প্ৰকল্প, নাৰমাৰীৰ ৰাইজে সঠিকভাৱে বিশুদ্ধ  খোৱাপানী পাইছে নে নাই সেই  দিশবোৰ তন্ন  তন্ন  কৈ সোধা পোছা  কৰে।

পৰিদৰ্শনৰ শেষত সন্ধিয়াৰ আগে আগে আহি মায়ঙৰ সতীভেটীৰ ঔগুৰি গাঁৱৰ পানী যোগান আঁচনিখন পৰিদৰ্শন  কৰে। আঁচনিখনৰ প্ৰতিটো কাম সুক্ষ্মভাৱে পৰ্যবেক্ষণ  কৰে। মঙলবাৰে পুৱা ৰজা মায়ঙৰ মুৰবৰী পানী যোগান  আঁচনিখন পৰিদৰ্শন  কৰিব। 

আজি বিজয় সিঙৰ সতে অভিযন্তা পুলক বৰুৱা, মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বাবুল বড়ো, সহকাৰী অভিযন্তা পূজা কাকতি, নিশিমন কোঁৱৰকে ধৰি বিভাগৰ আন আন কৰ্মচাৰীসকল উপস্থিত থাকে। ৰাইজে সঠিকভাৱেই পানী পাই থকা বুলি জানিব লৈ দিয়ে আই আই টি মাদ্ৰাজৰ কিউবৰ পৰা অহা অভিযন্তাগৰাকীৰ সন্মুখত।

MAYANG Jal Jeevan Mission জল জীৱন মিছন