জামুগুৰিহাটত যাত্ৰীবাহী বাছৰ পৰা জব্দ অবৈধ অৰুণাচলী সুৰা...

dangor khabar
dangor khabar
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত অবৈধ অৰুণাচলী সুৰা জব্দ। জামুগুৰি আৰক্ষীয়ে যাত্ৰী ভৰ্তি চুপাৰ ডিলাক্স বাছৰ পৰা জব্দ কৰে অবৈধ অৰুণাচলী সুৰাৰ কাৰ্টুনসমুহ। এক বিশেষ সুত্ৰৰ পম খেদি বান্দৰদোৱাৰ পৰা শিলিগুৰি অভিমূখি WB-41-J-9769 নম্বৰৰ পেচেঞ্জাৰ ভৰ্তি চুপাৰ ডিলাক্স বাছতখনত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে পাঁচ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা।

শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক তথা জামুগুৰি আৰক্ষী থানাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ দেৱাশীষ কায়স্থৰ নেতৃত্বত চলা অভিযানৰ সময়ত জব্দ কৰা হয় অবৈধ অৰুনাচলী সুৰাখিনি। জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫০,০০০ (পঞ্চাশ হেজাৰ)হেজাৰৰো অধিক টকা হব বুলি জানিব পৰা গৈছে।

dangor khabar
উৎকোচ দাবী কৰা অভিযোগত CGSTৰ অতিৰিক্ত আয়ুক্তক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in