ডিজিটেল সংবাদ,মাজবাটঃ অবৈধভাৱে শিল বালি কঢ়িয়াওৱা ডাম্পাৰ বিৰুদ্ধে অব্যাহত আছে মাজবাট আঞ্চলিক বন বিভাগৰ অভিযান। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলাবিলৰ পৰা মাজবাটত বন বিভাগৰ অভিযানত জব্দ অবৈধ শিল বালি কঢ়িয়াওৱা ২ খন ডাম্পাৰ।
উক্ত অভিযানত বন বিভাগে জব্দ কৰা ডাম্পাৰ ২ খনৰ নম্বৰ হৈছে AS 27 C 7822 আৰু AS 14 A C 1556 । বন বিভাগে জানিবলৈ দিয়া মতে ডাম্পাৰ দুখনে চালান বিহীন ভাৱে বালি কঢ়িয়াইছিল।বন বিভাগে উক্ত ডাম্পাৰ দুখন জব্দ কৰি মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে ।