ডিজিটেল সংবাদ: ৰাজ্যত অব্যাহত আছে অবৈধ চুপাৰীৰ সৰবৰাহ। নতুন নতুন কৌশলেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিছে অবৈধ চুপাৰী। পৰ্বতঝোৰাত জব্দ কৰা হৈছে এখন চুপাৰী ভৰ্তি ট্ৰাক। বগৰীবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিক্তিত অভিযান চলাই AS-01-RC-3907 পঞ্জীয়ন নম্বৰৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ট্ৰাকখনে বৰপেটাৰ পৰা ৫৮টা সন্দেহযুক্ত বাৰ্মিজ চুপাৰী ভৰ্তি বস্তা তলত ৰাখি ওপৰত ৰঙা লাও ভৰ্তি কৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰীলৈ সৰবৰাহ কৰিবলৈ লওতেই আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। বৰপেটাৰ ৰাজু নামৰ দালাল এজনৰ নেতৃত্বত নিতৌ অসম পৰা অবৈধ চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহহৈ থকা বুলি ট্ৰাক চালকৰ স্বীকাৰোক্তিত প্ৰকাশ পাইছে। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে।
Also Read: চুমিৰ পাছত এইবাৰ ট্ৰেডিঙৰ নামত ১০০কোটি লৈ পলাল বাক্সাৰ মাইনা...