দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী...

দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী...

Published on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ প্ৰতিবাদত উত্তাল হৈ আছে পশ্চিমবংগ। দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী কৰিছে চিকিৎসকসকলে৷ ইয়াৰ পৰিপেক্ষিততে ২৪ঘন্টাৰ কৰ্মবিৰতি ঘোষণা কৰিছে চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ভাৰতীয় চিকিৎসা সংস্থাই।

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটী ৱার্ডসমূহ খোলা ৰখা হ'ব। ইয়াৰোপৰি এই সময়ছোৱাত বহিঃবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

উল্লেখ্য যে উল্লেখ্য যে, বংগৰ আৰ জি কৰ হাস্পতালত ৩১ বছৰীয়া এগৰাকী স্নাতকোত্তৰ মহলাৰ চিকিৎসকক সতীৰ্থ চিকিৎসকে শাৰীৰিক নিৰ্যাতন কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল। এই হত্যাৰ প্ৰতিবাদত উত্তাল হৈ আছে বংগ। দেশজুৰি প্ৰতিবাদ-আন্দোলনত নামিছে বিভিন্ন চৰকাৰী হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকল। 

দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী...
চাপৰত শোকাৱহ পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন, আহত এজন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in