সাৱধান: দেশৰ ২৩খন ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত, ঘূৰ্ণী বতাহ...

সাৱধান: দেশৰ ২৩খন ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত, ঘূৰ্ণী বতাহ...

author-image
Asomiya Pratidin
New Update
সাৱধান: দেশৰ ২৩খন ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত, ঘূৰ্ণী বতাহ...

ডিজিটেল ডেস্কঃ দেশৰ ২৩খন ৰাজ্যত হ'ব পাৰে ধাৰাষাৰ বৃষ্টিপাত, ধুমুহা। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰে দেশৰ ২৩খন ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ লগতে হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, কাশ্মীৰ আৰু হিমাচল প্ৰদেশকে ধৰি দিল্লী-এনচিআৰত বতৰ ডাৱৰীয়া থাকিব বুলি এক জাননীযোগে প্ৰকাশ কৰিছে।

আইএমডিৰ তথ্য অনুসৰি উত্তৰাখণ্ড, পূব ৰাজস্থান, বিহাৰ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, কেৰালা, মাহে, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে থকাৰ কথা প্ৰকাশ কৰিছে। এই অঞ্চলসমূহত প্ৰায় ১২ চে.মি. বৰষুণৰ আশা প্ৰকাশ কৰিছে আই এম ডিয়ে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা-চণ্ডীগড়, উত্তৰ প্ৰদেশ, পূব মধ্য প্ৰদেশ, উপ-হিমালয় পশ্চিম বংগ, ছিকিম, অৰুণাচল প্ৰদেশ, গোৱা, আৰু মধ্য মহাৰাষ্ট্ৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে৷ ইয়াৰ বাহিৰেও ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ লগতে ধুমুহা বৰষুণৰো সম্ভাৱনা আছে।

আই এম ডিৰ বতৰ বুলেটিন অনুসৰি বৰ্তমান বিকানেৰ, ৰোহটক, ফাতেহগড়, চুৰখ, পুৰুলিয়া, কণ্টাইৰ পৰা উত্তৰ-পূব বংগ উপসাগৰলৈকে সমুদ্ৰপৃষ্ঠ পূব-দক্ষিণ-পূব দিশলৈ গতি কৰি আছে। ইফালে এক ঘূৰ্ণী বতাহ উত্তৰ-পূব ৰাজস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পৰা ৫.৮কিঃমিঃ উচ্চতাত সম্প্ৰসাৰিত হৈ থকাৰ তথ্য পোৱা গৈছে।

কিন্তু দক্ষিণ-পূব উত্তৰ প্ৰদেশ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ওপৰেৰে সাগৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ পৰ্যন্ত ঘূৰ্ণীবতাহৰ সম্প্ৰসাৰিত হৈ থাকিব তথ্য প্ৰকাশ কৰিছে। উত্তৰ-পূব অসমত সমুদ্ৰপৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ উচ্চতাত ঘূৰ্ণীবতাহৰ সম্প্ৰসাৰিত হৈ থাকিব। ইয়াৰ বাবেই এই অঞ্চলসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আৰব সাগৰ, দক্ষিণ কেৰালা উপকূলকে ধৰি গুজৰাটৰ উপকূল আৰু ইয়াৰ কাষৰীয়া লক্ষদ্বীপ অঞ্চল, মান্নাৰ উপসাগৰ, শ্ৰীলংকাৰ উপকূলৰ কিছু অংশত ঘন্টাত ৩৫ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে।

ইয়াৰ লগতে ছোমালিয়া, য়েমেন আৰু ওমানৰ উপকূলৰ কাষেৰে দক্ষিণ-পশ্চিম আৰব সাগৰৰ আশে-পাশে ৪৫ কিলোমিটাৰ অঞ্চল পৰ্যন্ত প্ৰতি ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাও আছে। বতৰ বিজ্ঞান বিভাগে এই অঞ্চলৰ মাছমৰীয়াসকলক সাগৰৰ পাৰলৈ নাযাবলৈ সকীয়াই দিছে। আনহাতে কৰ্ণাটকৰ বেংগালুৰুত বতৰ সামান্য ডাৱৰীয়া হ’ব পাৰে। উপকূলীয় কৰ্ণাটক আৰু পাহাৰীয়া অঞ্চলত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Also Read: লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভা, ঢকুৱাখনা শাখা সমিতি গঠন...

IMD weather report