ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নিৰ্বাচনলৈ মাজত এমাহৰো কম সময়। ইতিমধ্যে শাসক-বিৰোধীয়ে মহাৰাষ্ট্ৰত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। যোৱা শুকুৰবাৰে মহাৰাষ্ট্ৰত এখন বিশাল জনসভা সম্বোধন কৰি মহাৰাষ্ট্ৰৰ বিৰোধী মহাজোঁট এম ভি এ অৰ্থাৎ মহা বিকাশ অঘাড়ীক তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
জনসভাত দিয়া ভাষণৰ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধী মহাজোঁটক কটাক্ষ কৰি কয় যে- নিৰ্বাচনী বৈতৰণী পাৰ নৌ হওঁতেই তেওঁলোকৰ নিজৰ মাজতে কন্দল আৰম্ভ হৈছে। বিৰোধী মহাজোঁটৰ গাড়ীৰ চালকৰ আসনত কোন বহিব তাক লৈ ইতিমধ্যে অন্তঃকন্দল আৰম্ভ হৈ গৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যেতিয়া এম ভি এ অৰ্থাৎ মহা বিকাশ অঘাড়ীত থকা দলসমূহে চৰকাৰ গঠন কৰিব, তেতিয়া চৰকাৰী কাম-কাজ তথা নীতিৰ বিৰোধিতা কৰি উন্নয়নৰ প্ৰাচীৰ হিচাপে থিয় দিব। ইতিমধ্যে আপোনালোকে এই বিৰোধী মিত্ৰজোঁটৰ আঢ়ৈ বছৰীয়া শাসনৰ অভিজ্ঞতা লাভ কৰিছেই।
মহাৰাষ্ট্ৰৰ ধূলেত এটা বিশাল ৰে'লীৰে প্ৰচাৰ অভিযান আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে । মহাৰাষ্ট্ৰবাসীৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই কয় যে, কেৱল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটেহে মহাৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদানেৰে সুশাসন প্ৰৱৰ্তন কৰিব পাৰিব।
ভাষণৰ প্ৰসংগত কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয়, কংগ্ৰেছে ভাৰতত আদিবাসী জনগোষ্ঠীসমূহৰ মাজত বিষবাষ্প বিয়পাই তেওঁলোকৰ মাজত একতা ভংগ কৰা প্ৰচেষ্টা চলাইছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য পূৰ্বৰ পৰাই এনেকুৱা। যাৰ বাবেই এদিন দেশ বিভাজন হৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধীৰ মহাজোঁটৰ নাম হৈছে এম ভি এ অৰ্থাৎ মহা বিকাশ অঘাড়ী। এই মহাজোঁটত আছে কংগ্ৰেছ, এন ছি পি আৰু উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনা গোট।