অসম চৰকাৰৰ মৈত্ৰী আচঁনিৰ অধীনত পাটাছাৰকুছি থানাত ভৱন উদ্বোধন

অসম চৰকাৰৰ মৈত্ৰী আচঁনিৰ অধীনত পাটাছাৰকুছি থানাত ভৱন উদ্বোধন
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি: সোমবাৰে অসম চৰকাৰৰ মৈত্ৰী আচঁনিৰ অধীনত পাটাছাৰকুছি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভৱনটো উদ্বোধন কৰে অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দেয়ে ৷

তেওঁ ভৱনটো উদ্বোধন কৰি দিয়া ভাষণত কয়- “ ১৯০৮ চনতে বৃটিছৰ দিনত স্থাপিত পাটাছাৰকুছি আৰক্ষী থানাৰ এই নৱনিৰ্মিত ভৱনটো অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে। এই থানাখনত থকা সকলো সা-সুবিধা জনসাধাৰণৰ কামত আহে তাৰ প্ৰতি সজাগ হ’ব লাগে আৰক্ষী ৷ সকলো আৰক্ষীয়ে জনসাধাৰনক ভাল ব্যৱহাৰ কৰিব লাগে ৷ নৱনিৰ্মিত ভৱনসমূহ আধুনিক ৰূপত নিৰ্মাণ কৰাৰ কাৰণ হৈছে জনসাধাৰণৰ কামত অহা ৷ জনসাধাৰণে আৰক্ষী থানালৈ আহে আইনীভাৱে সহায় বা ন্যায় বিচাৰি ৷ গতিকে আৰক্ষীয়ে জনসাধাৰণক ন্যায় দিব লাগে আৰু মানৱতামুলক কাম কৰিব লাগে ৷ জনসাধাৰণৰ সকলো অভিযোগ শুনিব লাগে৷ প্ৰতিজন আৰক্ষীয়ে নিজৰ পোছাকজোৰক সন্মান জনাই জনসাধাৰণৰ লগত ভাল ব্যৱহাৰ কৰি আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক ভাল কৰিব লাগে ৷ অৱশ্যে বৰ্তমান সময়ত আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক বহুত ভাল হৈছে ৷ ”

স্থানীয় সমাজকৰ্মী তথা সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে। তেওঁ ভাষণ প্ৰসংগত সমাজত ড্ৰাগচ সেৱনৰ ফলত হোৱা ভয়াবহ প্ৰভাৱৰ বিষয়ে কৈ সকলোকে ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ আহ্বান জনায় যাতে নৱ প্ৰজন্মক ইয়াৰ কৰা ৰক্ষা কৰিব পাৰি৷ ইয়াৰোপৰি মোবাইলৰ নেতিবাচক ব্যৱহাৰৰ বিষয়েও ৰাইজক উদাহৰণসহ বুজাই দিয়ে ৷

পাটাছাৰকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনালিছা মাধৱ ভক্তই উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত হাউলীস্থিত ২৭নং বেটেলিয়ানৰ কমাণ্ডেণ্ট জয়শ্ৰী খেৰছা আৰু বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উৰ্মি মেধিয়েও উপস্থিত থাকে ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভুঞাই ৷

অসম চৰকাৰৰ মৈত্ৰী আচঁনিৰ অধীনত পাটাছাৰকুছি থানাত ভৱন উদ্বোধন
বাসুগাঁৱত ভগা-ছিগা সামগ্ৰীৰ ক্ৰেতাৰ ৰূপত দুই গভাইত চোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in