শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দন ২.০ৰ শুভ উদ্বোধন

শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দন ২.০ৰ শুভ উদ্বোধন
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা হৈছে। এই আঁচনিখনৰ প'ৰ্টেলতো ৫ছেপ্তেম্বৰৰ পৰা পৰা ২০অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব।

উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্রহণ কৰি থকা শিক্ষার্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কর্মকর্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা গ্রহণ কৰিব পাৰিব। আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষার্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে মাত্র এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব।

উল্লেখযোগ্য যে যোগ্য বিবেচিত হোৱা শিক্ষার্থীসকলে আবাসিক প্রমাণ-পত্র, পৰিচয় পত্র, ঠিকনাৰ প্ৰমাণ- পত্র, বেংক ঋণৰ নথিপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ দি dids.assam.gov.in-ৰ জৰিয়তে অথবা ১৮০০-২০২৬-২৫৬ নম্বৰ যোগাযোগ কৰি অভিনন্দন আঁচনিত আবেদন কৰিব পাৰিব।

শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দন ২.০ৰ শুভ উদ্বোধন
প্রধানমন্ত্রী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানলৈ পুঁজি আৱণ্টন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in