ডিজিটেল সংবাদ, ঢকুৱাখনা : মানৱ সভ্যতাক লজ্জানত কৰা এক অমানৱীয় ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। কোনো কাণ্ডজ্ঞানহীন ব্যক্তিৰ মুখ লজ্জা ঢাকিবলৈ এটি নৱজাতকক হত্যা কৰি জনশূন্য এলেকাত পেলাই দিয়া নৃশংস ঘটনা বৃহস্পতিবাৰে পোহৰলৈ আহিছে ।
জানিব পৰা মতে ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত টাউন তিনিআলিৰ ৰুৱাদ নগৰৰ প্ৰয়াত ৰবীন বৰুৱাৰ ঘৰৰ পথাৰৰ মাজৰ এটা বাঁহনী হাবিৰে পৰিবেষ্টিত পুখুৰীৰ বুকুত উদ্ধাৰ হৈছে এটি নৱজাতকৰ অৰ্ধগলিত মৃতদেহ । গেলি পচি দুৰ্গন্ধ ওলোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ।
মৃতদেহৰ সমীপতে উদ্ধাৰ হৈছে এটা পলিথিনৰ মোনা । এই মোনাটোত নৱজাতকক হত্যা কৰি ভৰাই জনশূন্য এলেকাটোৰ পুখুৰীত পেলাই দিয়াৰ আশংকা কৰা হৈছে ।আজি বিয়লি ২বজাত উদ্ধাৰ হৈছে এই নৱজাতকৰ মৃতদেহ ।
আশঙ্কা কৰা মতে কোনো অসৎ প্ৰকৃতিৰ ব্যক্তিয়ে নিজৰ দুঃচৰিত্ৰ ঢাকি সামাজিক কলংকৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে জয়াল স্থানৰ পুখুৰীলৈ নৱজাতকক নিক্ষেপ কৰি সংঘটিত কৰে এই দুষ্কাৰ্য। ঘটনা সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে খবৰ লাভ কৰি পৰিত্যক্ত এলেকাত উপস্থিত হৈ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ অচি প্রিয়ব্ৰত গগৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।