ডিজিটেল ডেস্কঃ সমাগত টী-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি অষ্ট্ৰেলিয়া ক্ৰিকেট দল ভাৰত ভ্ৰমণত। তিনিখনীয়া টী-২০ শৃংখলাৰ ১-১ৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ সৈতে সমতা স্থাপন কৰিছে ভাৰতে ।
উল্লেখ্য যে মহালিত অনুষ্ঠিত প্ৰথম টী-২০ত আলহী দলটোৱে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত পৰাজয়বৰণ কৰিছিল। দেওবাৰে হায়দৰাবাদত উভয় দলৰ শৃংখলা জয়ৰ বাবে নিৰ্ণায়ক মেচ।
অন্যহাতে ঘৰৰ মাটিত ভাৰত সদায় সক্ৰিয়। শৃংখলা জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সৈতে মুখামুখি হ'ব ৰোহিত বাহিনী। শেহতীয়া মেচত ৰোহিত শৰ্মাই ছন্দ ঘূৰাই পোৱাটো ভাৰতীয় দলৰ বাবে ইতিবাচক দিশ। তাৰ বিপৰীতে বিৰাট কোহলীৰ প্ৰদৰ্শনকলৈ আশাবাদী অনুৰাগী। খেলৰ সময় সন্ধিয়া ৭-০০ বজাত।