ডিজিটেল ডেস্কঃ শুকুৰবাৰে ভাৰত -অষ্ট্ৰেলিয়াৰ মাজত শৃংখলাৰ দ্বিতীয় মেচ। তিনিখনীয়া টী -২০ শৃংখলাৰ প্ৰথম মেচত ভাৰতে পৰাজয়বৰণ কৰাৰ পিছত শুক্ৰবাৰে দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমতা স্থাপনৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰোহিত বাহিনী।
প্ৰথম মেচত ব্যৰ্থ হোৱা দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ প্ৰদৰ্শনকলৈ আশাবাদী ক্ৰিকেট অনুৰাগী। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন।