ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু সমসংখ্যক এদিনীয়া শৃংখলাৰ বাবে কিছুদিন পূৰ্বে নিউজিলেণ্ডত উপস্থিত হৈছিল ভাৰতীয় ক্ৰিকেট দল। হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ঘৰুৱা দলটোৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰাৰ পাছত আৰম্ভ হৈছে এদিনীয়া শৃংখলা।
য'ত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিছে শিখৰ ধাৱনে। উল্লেখ্য যে, উক্ত শৃংখলাৰ প্ৰথমখন মেচ সম্পূৰ্ণ ৰূপে পৰিত্যক্ত হোৱাৰ পাছত দ্বিতীয়খন মেচত কেন উইলিয়ামচন নেতৃত্বাধীন নিউজিলেণ্ডে ভাৰতক পৰাজিত কৰে। তিনিখনীয়া মেচৰ শৃংখলাত বৰ্তমান ঘৰুৱা দলটোৱে ১-০ৰ অগ্ৰগতি লাভ কৰি আছে।
বুধবাৰে অনুষ্ঠিত হৈছে শৃংখলাৰ অন্তিমখন মেচ। তৃতীয়খন মেচৰ টছত জয়ী হৈ ঘৰুৱা দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ভাৰতে পোনতে বেট ধৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডক জয়ৰ বাবে ২২০ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে ১৮ অভাৰত এটা উইকেটৰ বিনিময়ত ১০৪ ৰানত বেটিং কৰি আছে।
অৱশ্যে বাতৰি লিখা পৰলৈকে বৰষুণে বিধি-পথালি দিয়াৰ বাবে বৰ্তমান খেল স্থগিত ৰাখিছে। যদিহে খেলখনত ঘৰুৱা দলটোৱে জয়লাভ কৰে তেন্তে আলহী দল ভাৰতে শৃংখলা হেৰুৱাব। আনহাতে মেচখনত ভাৰতে যদি জয়ী হয় তেন্তে শৃংখলাত সমতা স্থাপন কৰিব। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে অৰ্ধ শতক অৰ্জন কৰে আৰু শ্ৰেয়াছ আয়াৰে ৪৯ ৰান কৰাৰ বিপৰিতে বাকীসকল বেটাৰ ব্যৰ্থ হয়।
আৰু পঢ়কঃ মঙলদৈ ৰাজীৱ ভৱনত পঞ্চায়তী ৰাজ সংগঠনৰ ৰাজ্যিক সমিতি ঘোষনা