ডিজিটেল ডেস্কঃ বিশ্ববাসী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত। কিয়নো ৰিকী পণ্টিঙ, গীলখ্ৰীষ্ট,ছাইমণ্ডছৰ দেশ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে ক্ৰিকেটৰ চমু সংস্কৰণ টি-২০ বিশ্বকাপ ২০২২ প্ৰতিযোগিতা। আই চি চিৰ স্বীকৃতিপ্ৰাপ্ত দেশসমূহে সম্প্ৰতি বাহৰ পাতিছে অষ্ট্ৰেলিয়াত। ভাৰতো তাৰ ব্যতিক্ৰম নহয়।
ভাৰতে এইবাৰ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে। দেওবাৰে অনুষ্ঠিত হ'ব সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ভাৰত-পাকৰ হাইভ'ল্টেজ মেচ। ভাৰত পাকিস্তানৰ মেচ মানেই চৰম উত্তেজনা,উৎকণ্ঠা।
ৰোহিত শৰ্মা,বিৰাট কোহলি,সূৰ্য কুমাৰ যাদৱ,হাৰ্ডিক পাণ্ডিয়া আদি তাৰকাৰে গঠিত ভাৰতীয় দলে কি অঘটন ঘটাই সেয়া কাইলৈ লক্ষ্যণীয় হ'ব। সম্প্ৰতি বিৰাট কোহলি,ৰোহিতৰ ফৰ্মে চিন্তিত কৰিলেও ৰাহুল, সূৰ্য কুমাৰ, ছামিৰ শেহতীয়া প্ৰদৰ্শন দলৰ বাবে ইতিবাচক দিশ। উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি কাইলৈ হ'বলগীয়া মেচৰ সময় দুপৰীয়া ১-৩০ বজা।