ৰঙিয়াত স্বাধীনতা দিৱস উদযাপন

ৰঙিয়াত স্বাধীনতা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়া: সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো বৃহস্পতিবাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মহকুমাধিপতি দেৱাশীষ গোস্বামীয়ে। ইয়াৰ পিছতে মহকুমাধিপতিগৰাকীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষীৰ দল, এছ এছ বি জোৱান, এন চি চি কেডেট আৰু স্কাউট গাউডকে ধৰি বিদ্যালয় মহাবিদ্যালয় শিক্ষাৰ্থীসকলে কুচ-কাৱাজ,ঘোষবাদন আদিৰ অভিবাদন গ্ৰহণ কৰি ৰঙিয়াবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

উল্লেখ্য যে পোন প্ৰথমবাৰৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত কোচ ৰাজবংশী জনগোষ্ঠী কুষণ নৃত্য পৰিৱেশন কৰে লোকসকলে। তাৰপিছত খেলপথাৰত স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক নৃত্য,গীত আদিৰ উপৰিও এছ এছ বিৰ দ্বাৰা স্কট ডগ আদি প্ৰদৰ্শন কৰা হয়। আনহাতে এই কাৰ্যসূচীৰ পিছতে স্বাধীনতা দিৱস উপলক্ষে আয়োজিত তৰ্ক, নৃত্য প্ৰতিযোগিতাকে ধৰি মহকুমাটোৰ শ্ৰেষ্ঠ মীনপালক, শ্ৰেষ্ঠ ৰেচম পালক, শ্ৰেষ্ঠ পশুপালক, শ্ৰেষ্ঠ খেতিয়ক, শ্ৰেষ্ঠ শিপিনী আদিক বিভিন্ন শিতানত মহকুমা প্ৰশাসনে বঁটা প্ৰদানেৰে সম্বৰ্ধনা জনায়।

ইফালে মহকুমাটোৰ স্বচ্ছতাৰ ক্ষেত্ৰত ৰঙিয়া পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ভিতৰত ৪ নং ৱাৰ্ডৰ কমিচনাৰ মিতালী ডেকাই শ্ৰেষ্ঠ বঁটা লাভ কৰে। তাৰ ভিতৰত তৰ্ক প্ৰতিযোগিতাত দল হিচাপে প্ৰথম চাৰ্ছ পাব্লিক স্কুল,দ্বিতীয় যুটীয়াভাৱে ৰঙিয়া মহাবিদ্যালয় আৰু ফাটেমা কনভেণ্ট স্কুল,৩য় পূৱ কামৰূপ মহাবিদ্যালয়ৰ লগতে ব্যক্তিগতভাৱে কেইবাগৰাকীও প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পিছতেই ৰঙিয়া অসামৰিক, আদৰ্শ চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে আবাসিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ফল মূল আদি মহকুমা প্ৰশাসনে বিতৰণ কৰে।

আনহাতে স্বাধীনতা দিৱস উপলক্ষে মহকুমা প্ৰশাসনে অইন দিনাৰ দৰে পুৱা ৫:৩০ বজাত জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্ৰেৰে প্ৰভাত গীতাঞ্জলি আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। ইয়াৰ পিছতে নিজ নিজ বাসগৃহত আৰু বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী-অৰ্ধ চৰকাৰী, ব্যৱসায়িক প্ৰতিষ্ঠান তথা অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তাৰপিছত পুৱা ৮:৪৫ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু শ্বহীদ তৰ্পণ কৰে।

স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আঁত ধৰে নয়নিকা শৰ্মাই। তদুপৰি ৰঙিয়া চহৰৰ বৰলীয়া নৈৰ পকী দলঙৰ ওপৰত এক ব্যক্তিগত স্বেচ্ছাসেৱী সংস্থাই বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰে। বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকা প্ৰত্যক্ষ কৰি সকলোৱে ৰৈ একপি ছেলফী তোলা পৰিলক্ষিত হয়। স্বেচ্ছাসেৱী সংস্থাটোৰ গঠনমূলক কাৰ্যকলাপ গ্ৰহণৰ প্ৰদৰ্শনে সকলোৱে প্ৰশংসা কৰিছে।

ৰঙিয়াত স্বাধীনতা দিৱস উদযাপন
নগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন, পতাকা উত্তোলন কৰে অতুল বৰাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in