India Canada Crisis: ধন বলেৰে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে ভাৰতে!

ধন বলেৰে কানাডাৰ ৰাজনীতি হস্তক্ষেপ কৰিছে ভাৰতে!

author-image
Asomiya Pratidin
New Update
India Canada Crisis: ধন বলেৰে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে ভাৰতে!

ডিজিটেল ডেস্কঃ বিগত কেইটামান বছৰৰ পৰা অধিক অৱনতি ঘটিছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক। শেহতীয়াকৈ কানাডা চৰকাৰ তথা ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই ভাৰতৰ ওপৰত এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কানাডাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে, ভাৰত চৰকাৰে ধন বিনিয়োগ কৰি কিছু ভাৰতীয় কানাডাৰ ৰাজনীতিত সক্ৰিয় কৰাইছে আৰু নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছে।

শেহতীয়াকৈ কানাডাৰ চোৰাংচোৱা সংস্থাই এক কানাডা চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে, ভাৰত আৰু চীনে অবৈধক ফাণ্ডিঙেৰে কানাডাৰ প্ৰবাসী লোকসকলক ৰাজনীতিত সক্ৰিয় কৰাইছে আৰু কানাডা সংসদলৈ যোৱাৰ বাট মুকলি কৰিছে।

কানাডা চৰকাৰে ভাৰতৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে, ভাৰতে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ পোষকতা কৰি এই কাম কৰি আহিছে। দ্য গ্লোবেল এণ্ড মিল নামৰ বাতৰিকাততত প্ৰকাশ পোৱা খবৰ অনুসৰি, কানাডাত খালিস্তানৰ প্ৰতি সমৰ্থন হ্ৰাস কৰাৰা বাবে ভাৰতে এনে ৰাজনৈতি হস্তক্ষেপ কৰি আহিছে বুলি কানাডাই অভিযোগ কৰিছে।

কানাডা চৰকাৰে এই বিষয়টো গুৰুত্ব প্ৰদান কৰি চোৰাংচোৱা সংস্থাক আৰু অধিক পুংখানুপুংখভাৱে বিষয়টোক লৈ তদন্ত কৰাৰ দায়িত্ব দিছে। ইফালে কানাডা চৰকাৰে ভাৰতীয় দূতাৱাসৰ সৈতে যোগাযোগ কৰিও এই বিষয়টো অৱগত কৰিছে।

Also Read: পুঁজিপতি গোষ্ঠীক ৰিগ গতাই দিয়াৰ ভাবুকিঃ জাতীয়তাবাদী সংগঠনৰ নেতাৰ দুমুখীয়া কাণ্ড...

India Canada Crisis