চৰকাৰে ব্লক কৰিলে ২২টাকৈ ইউটিউব চেনেল, আছে পাকিস্তানৰ…

চৰকাৰে ব্লক কৰিলে ২২টাকৈ ইউটিউব চেনেল, আছে পাকিস্তানৰ…

author-image
asomiyapratidin
New Update
দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে সমল প্ৰস্তুত!চৰকাৰে ব্লক কৰিলে ১১০টা ইউটিউব চেনেল

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে ব্লক কৰিলে ২২টাকৈ ইউটিউব চেনেল। আইটি নিয়ম ২০২১ৰ অধীনত প্ৰথমবাৰৰ বাবে ১৮ ভাৰতৰ আৰু অইন দেশৰ ৪টা ইউটিউব চেনেল ব্লক কৰে।

ব্লক হোৱা চেনেল সমূহৰ ভিতৰত পাকিস্তানৰ ৪টা ইউটিউব চেনেলো অন্তৰ্ভুক্ত আছে। উল্লেখ্য যে, এই চেনেল সমূহে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু সাৰ্বজানিক সম্বন্ধৰ সৈতে জড়িত ভুল তথ্য প্ৰচাৰ কৰিছিল।

অভিযোগ অনুসৰি এই চেনে সমূহে টিভি চেনেলৰ লগো আৰু ছবি ব্যৱহাৰ কৰি দৰ্শকক ভ্ৰমিত কৰিছিল। এই ইউটিউব চেনেলৰ উপৰিও ৩ টা টুইটাৰ একাউন্ট, ১টা ফেচবুক আৰু এটা নিউজ ৱেবচাইটো ব্লক কৰে।জানিব পৰা মতে ব্লক কৰা একাউন্ট সমূহৰ দৰ্শক ২৭০ কোটিতকৈ অধিক আছিল।

অন্য খবৰ পঢ়ক: ৰাহুল গান্ধীক বৃদ্ধা আৱাসৰ বৃদ্ধই দিলে ৫০ লাখ টকাৰ ফিক্সড ডিপোজিত, ১০ টোলা সোণ….

পাকিস্তানৰ ব্লক কৰা ইউটিউব চেনেল সমূহত ভাৰতীয় নিৰাপত্তা, জম্মু-কাশ্মীৰ আৰু বিভিন্ন দিশৰ ওপৰত ভুল বাতৰি প্ৰচাৰ কৰিছিল। কেইবাটাও ভাৰত বিৰোধী বিষয় বস্তুৰে ভিডিঅ সম্প্ৰচাৰ কৰা হৈছিল।

অন্যহাতে ব্লক কৰা ভাৰতীয় চেনেল সমূহত ইউক্ৰেইন সম্বন্ধীয় বহু ভুল তথ্য প্ৰচাৰ কৰা হৈছিল। যাৰ দ্বাৰা বৈদেশিক সম্পৰ্ক বিঘ্নিত কৰাৰ চেষ্টা চলোৱা হৈছিল।

আৰু পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অমিত শ্বাহ…

social media pakistan india youtube