সৰু সুদৰ্শন চক্ৰই অভেদ্য দুৰ্গত পৰিণত কৰিব দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক...

QRSAM ৰ মূল উদ্দেশ্য হৈছে ড্ৰ’নৰ ভাবুকিৰ সৈতে মোকাবিলা কৰা। ইয়াৰ উপৰিও শত্ৰুৰ বিমান আৰু হেলিকপ্টাৰকো গুলীয়াই ধ্বংস কৰাৰ ক্ষমতা আছে এইবিধ অস্ত্ৰৰ। 

New Update
1

ডিজিটেল ডেস্কঃ ভাৰতে নিজ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ৩৬,০০০ কোটি টকাৰ বৃহৎ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছে। এই চুক্তিত থলুৱাভাৱে নিৰ্মিত কুইক ৰিয়েকচন ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (কিউআৰএছএএম) ব্যৱস্থাৰ তিনিটা ৰেজিমেণ্ট অধিগ্ৰহণ কৰা হৈছে।

QRSAM ৰ মূল উদ্দেশ্য হৈছে ড্ৰ’নৰ ভাবুকিৰ সৈতে মোকাবিলা কৰা। ইয়াৰ উপৰিও শত্ৰুৰ বিমান আৰু হেলিকপ্টাৰকো গুলীয়াই ধ্বংস কৰাৰ ক্ষমতা আছে এইবিধ অস্ত্ৰৰ। অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ ক্ষেপণাস্ত্ৰ সমূহ ধ্বংস কৰিবলৈ এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ নাম আছিল সুদৰ্শন চক্ৰ।

QRSAM মিছাইলসমূহ এছ-৪০০ৰ সৰু সংস্কৰণ। গতিকে ইয়াক বেবী এছ-৪০০ বা ছোটা সুদৰ্শন চক্ৰ বুলিও ক’ব পাৰি। তথ্য অনুসৰি, উন্নত ৰাডাৰ চিষ্টেম, ইলেক্ট্ৰ’-অপ্টিকেল চেন্সৰ আৰু কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেমৰ সৈতে সজ্জিত কিউৰএছএএমৰ সফলতাৰ হাৰ ৯৫ৰ পৰা ১০০ শতাংশ।

ড্ৰ’নকে ধৰি নিম্ন উৰণৰ আকাশী ভাবুকি ধৰা পেলোৱা আৰু ধ্বংস কৰাৰ বাবে ডিজাইন কৰা এই QRSAM য়ে ভাৰতৰ বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ অভাৱ দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতীয় সেনাই এই পদক্ষেপেৰে দেশৰ প্ৰতিৰক্ষাক এক অভেদ্য দুৰ্গলৈ পৰিণত কৰিব। এই অস্ত্ৰৰ বাবে ১১টা ৰেজিমেণ্টে অনুৰোধ জনাইছে।

সৰু সুদৰ্শন চক্ৰ প্ৰতিৰক্ষা বিভাগ