উদ্বেগজনকঃ বিশ্বৰ ১১০কোটি দৰিদ্ৰৰ ২৫কোটিয়েই ভাৰতৰ...

উদ্বেগজনকঃ বিশ্বৰ ১১০কোটি দৰিদ্ৰৰ ২৫কোটিয়েই ভাৰতৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বজুৰি দৰিদ্ৰৰ ছবিখন যে কিমান ভয়াৱহ হৈ পৰিছে তাৰ শেহতীয়া তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত। একেদৰে উক্ত প্ৰতিবেদনত দৰিদ্ৰতা সম্পৰ্কে ভাতৰত পৰিস্থিতি সম্পৰ্কেও উল্লেখ কৰা হৈছে। সেই অনুসৰি সমগ্ৰ বিশ্বত সম্প্ৰতি ১১০কোটি দৰিদ্ৰ লোক আছে। ইয়াৰ আধা সংখ্যকেই ৫খন দেশৰ।

তদুপৰি এই ৫খন দেশৰ শীৰ্ষত আছে আকৌ ভাৰত। এই প্ৰতিবেদনত উল্লেখ আছে যে, ভাৰতত দৰিদ্ৰতাৰ সংখ্যা ২৫কোটি। ইয়াৰ বিপৰীতে পাকিস্তানত ইয়াৰ সংখ্যা ৯.৩০কোটি, ইথিঅ'পিয়াত ৮.৬০কোটি, নাইজেৰিয়াত ৭.৪০কোটি, আৰু কংগোত আছে ৬.৬০কোটি দৰিদ্ৰ লোক।

ইপিনে , আফগানিস্তানৰ দৰিদ্ৰতাৰ হাৰ ৫৯শতাংশ। অক্সফৰ্ড ইউনিভাৰছিটীৰ উদ্যোগত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ইউ এন ডি পি আৰু অক্সফৰ্ড পভাৰ্টি এণ্ড হিউমেন ডেভেলপমেন্ট ইনিচিয়েটিভে। প্ৰতিবেদনখনত এই বুলিও উল্লেখ কৰা হৈছে যে, বিশ্বজুৰি দৰিদ্ৰ লোকসকলৰ ৮০শতাংশই বাস কৰে গ্ৰামাঞ্চলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in