ভাৰতলৈ আহি আছে ২ সহস্ৰাধিক নতুন বিমান...

সময় যিমানে বাগৰিছে, সিমানেই আকাশী পথেৰে অহাযোৱা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত।

author-image
Asomiya Pratidin
New Update
আকাশী পথেৰে অহাযোৱা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত

ডিজিটেল ডেস্কঃ সময় যিমানে বাগৰিছে, সিমানেই আকাশী পথেৰে অহাযোৱা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত। শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ভাৰতত অহা ২০বছৰত ৫গুণতকৈ অধিক বৃদ্ধি পাব এই যাত্ৰীৰ সংখ্যা। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাব বিমান পৰিবহনৰ ক্ষেত্ৰখনো।

এই বছৰৰ শেষৰফালে ভাৰতৰৰ বিমান যাত্ৰীৰ সংখ্যা ৮শতাংশৰ পৰা ১৮শতাংশলৈ বৃদ্ধি পাব বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। যাত্ৰীৰ এই সহাঁৰি প্ৰতি লক্ষ্য ৰাখি  ২০২৩ চনৰ শেষৰ ফালে ৭২০খন বিমানৰ পৰা ৩৮০০ খনলৈ বৃদ্ধি পাইছিল দেশৰ বিমান সংখ্যা।

২০২৩ চনৰ ভিতৰত ভাৰতীয় বিমান সংস্থাসমূহে বিমানৰ অৰ্ডাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগবাঢ়িছিল, আমেৰিকাৰ পিছতে বিশ্বজুৰি দ্বিতীয় সৰ্বাধিক অৰ্ডাৰ কৰিছিল ভাৰতে।  ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতীয় বিমানে ২০০০খন বিমানৰ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছে ইয়াৰে ১৬২০খন ইতিমধ্যে এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, আৰু আকাছাই বুকিং কৰিছে।

ভাৰত এয়াৰ ইণ্ডিয়া