এয়াই নেকি দেশৰ প্ৰকৃত উন্নয়নৰ নমুনা ! মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৩২

ইউ এন ডি পিয়ে প্ৰকাশ কৰিছে প্ৰতিবেদন

author-image
Asomiya Pratidin
New Update
এয়াই নেকি দেশৰ প্ৰকৃত উন্নয়নৰ নমুনা ! মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৩২

Human Development Index Human Development Index

এটা সপ্তাহ পূৰ্বে ব্ৰিটেইনক চেৰাই ভাৰত বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিলৈ উন্নীত হোৱাৰ খবৰ প্ৰকাশ পাইছিল। সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে একাংশ লোক উৎফুল্লিত হৈ পৰাও পৰিলক্ষিত হৈছিল। সকলোৱে অতি গৌৰৱেৰে এই খবৰ প্ৰচাৰ কৰিছিল। কিন্তু বিশ্বৰ পঞ্চম অৰ্থনীতিৰ এই গৌৰৱগাথাই ভাৰতীয়ক বৰ বেছিদিন আনন্দ কৰাৰ সুযোগ নিদিলে। কিয়নো ৰাষ্ট্ৰসংঘৰ পৰা প্ৰকাশ পোৱা এক প্ৰতিবেদনে ভাৰতৰ পুতৌজনক অৱস্থাৰ এখন ছবি স্পষ্ট কৰিছে।

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী চমুকৈ ইউ এন ডি পিয়ে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ ১৯১ খন দেশৰ ভিতৰত মানৱ উন্নয়ন সূচকত ভাৰতে লাভ কৰিছে ১৩২ সংখ্যক স্থান। এই প্ৰতিবেদনে স্পষ্ট কৰিলে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰত কিমান পিছুৱাই গৈছে।

উল্লেখ্য যে ২০২০ চনত প্ৰকাশিত এনে এক প্ৰতিবেদনত ভাৰত ১৮৯ খন দেশৰ ভিতৰত আছিল ১৩১ সংখ্যক স্থানত। সেইবাৰ ভাৰতৰ সূচক আছিল ০.৬৪৫। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি মানৱ উন্নয়নসূচকত ভাৰতৰ সূচক হৈছে ০.৬৩৩। অৰ্থাৎ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰত আছে মধ্যম শ্ৰেণীত।

ইফালে একেখন প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ প্ৰত্যাশিত স্কুলীয়া শিক্ষাৰ গড় বয়স হৈছে ৬.৭ বছৰ। উল্লেখ্য যে মানৱ উন্নয়ন হৈছে এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ৩২ বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত মানৱ উন্নয়ন স্তব্ধহৈ পৰিছে।

আনহাতে মানৱ সম্পদৰ সঠিক উন্নয়ন নোহোৱাৰ বাবেই ভাৰতৰ বিকাশৰ গতিত প্ৰভাৱ পেলাই বুলি কোৱা হৈছে। কিন্তু এই প্ৰতিবেদনে ভাৰতত পুৰুষ আৰু মহিলাৰমাজৰ মানৱ বিকাশৰ ব্যৱধান দূৰ কৰাৰ তথ্যও প্ৰকাশ পাইছে।

"ভাৰতে বিশ্বতকৈ পুৰুষ আৰু মহিলাৰ মাজত মানৱ বিকাশৰ ব্যৱধান দ্ৰুতগতিত দূৰ কৰিছে। এই বিকাশ পৰিৱেশৰ বাবে কম খৰচত আহিছে। ভাৰতৰ বিকাশৰ কাহিনীয়ে সামগ্ৰিক বিকাশ, সামাজিক সুৰক্ষা, লিংগ-প্ৰতিক্ৰিয়াশীল নীতিত দেশৰ বিনিয়োগ প্ৰতিফলিত কৰে।'' ভাৰতৰ ইউ এন ডি পি আৱাসিক প্ৰতিনিধি শোকা নোডাই এইদৰে কয়।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনে দেখুৱাইছে যে ৯০ শতাংশ দেশে ২০২০ বা ২০২১ চনত তেওঁলোকৰ মানৱ উন্নয়ন সূচকৰ (এইচ ডি আই) মূল্য হ্ৰাস কৰিছে। যাৰ ফলত বহনক্ষম উন্নয়ন লক্ষ্যৰ দিশত হোৱা প্ৰগতিৰ বেছিভাগ বিপৰীত হৈছে। মানৱ উন্নয়ন - এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ। ভাৰতৰ এই পৰিমাপ একেৰাহে দুবছৰৰ বাবে হ্ৰাস পাইছে ।

india united nations Human Development Index