দীৰ্ঘ দুৰত্ব হাইপাৰ্ছনিক মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

সামৰিক শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত ভাৰতে আন এক সফলতা লাভ কৰিছে। ওড়িশাৰ উপকূলৰ পৰা সফলভাৱে উৎক্ষেপণ সম্পূৰ্ণ হৈছে দীৰ্ঘ দুৰত্বৰ হাইপ’ৰ্ছনিক ক্ষেপণাস্ত্ৰৰ।

author-image
Asomiya Pratidin
New Update
মিছাইল

ডিজিটেল ডেস্ক : সামৰিক শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত ভাৰতে আন এক সফলতা লাভ কৰিছে। ওড়িশাৰ উপকূলৰ পৰা সফলভাৱে উৎক্ষেপণ সম্পূৰ্ণ হৈছে দীৰ্ঘ দুৰত্বৰ হাইপ’ৰ্ছনিক ক্ষেপণাস্ত্ৰৰ। দেশৰ প্ৰথমটো হাইপৰ্ছনিক দীৰ্ঘ দুৰত্ব ক্ষেপণাস্ত্ৰ শনিবাৰে সফল উৎক্ষেপণ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক এক ঐতিহাসিক মুহূৰ্ত আখ্যা দিয়ে।

উল্লেখযোগ্য যে ডিফেন্স ৰিছাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰা এই মিছাইলটোৱে ১,৫০০ কিলোমিটাৰতকৈও অধিক দুৰত্বলৈকে লক্ষ্যভেদ কৰিব পাৰিব। বিভিন্ন প্ৰকাৰৰ পেলোড কঢ়িয়াই নিব পৰাকৈ ডিজাইন কৰা হৈছে এই ক্ষেপণাস্ত্ৰটো।

ওড়িশাৰ উপকূল অঞ্চলৰ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এই হাইপাৰ্ছনিক ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণে দেশৰ সামৰিক প্ৰযুক্তি সামৰ্থত এক নতুন সংযোজন হ’ল। ৰাছিয়া, চীন, আমেৰিকা আদিৰ দৰে উন্নত দেশসমূহে এনে ক্ষেপণাস্ত্ৰ নিৰ্মাণ আৰু প্ৰযুক্তি ক্ষেত্ৰখনত আগবাঢ়ি আছে। সেই দেশসমূহৰ সৈতে ভাৰতৰ নামো সংযোজন হ’ল।

আনহাতে জাৰ্মানী, ফ্ৰান্স, অষ্ট্ৰেলিয়া, জাপান আদি দেশে হাইপৰ্ছনিক ক্ষেপণাস্ত্ৰৰ প্ৰযুক্তি প্ৰকল্পকলৈ কাম কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফলতাক অসাধাৰণ আখ্যা দিছে। থলুৱাভাৱে নিৰ্মাণ কৰা এই হাইপৰ্ছনিক মিছাইলে পূৰ্বৰ মিছাইলবোৰতকৈ ৩গুণ অধিক বেগত লক্ষ্যস্থান স্পৰ্শ কৰিব।

অষ্ট্ৰেলিয়া