পেৰিছ অলিম্পিকত ভাৰতৰ আশাপ্ৰদ আৰম্ভণি: এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ মনু ভাকেৰ

পেৰিছ অলিম্পিকত ভাৰতৰ আশাপ্ৰদ আৰম্ভণি: এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ মনু ভাকেৰ

author-image
Asomiya Pratidin
New Update
পেৰিছ অলিম্পিকত ভাৰতৰ আশাপ্ৰদ আৰম্ভণি: এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ মনু ভাকেৰ

ডিজিটেল ডেস্কঃ ২৬জুলাইৰ পৰা আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ প্ৰথম দিনটোত ভাৰতীয় খেলুৱৈসকলে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত মানু ভাকেৰে অৰ্হতাত ৩য় স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ভাৰতৰ পুৰুষ হকী দলটোৱেও শনিবাৰে নিশা ইভছ-ডু-মেনোয়াৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী পুল-বি মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত জয়লাভ কৰি অভিযান আৰম্ভ কৰে।

পুৰুষৰ একক শাখাৰ টেবুল টেনিছৰ প্ৰাৰম্ভিক ৰাউণ্ডত ভাৰতৰ হৰমীত দেশাইয়ে শনিবাৰে জর্ডানৰ জাইদ আবো য়ামানক ৪-৩ পৰাস্ত কৰে। মহিলাৰ ৫৪ কিলোগ্রাম বক্সিংত ভাৰতৰ প্রীতি পাৱাৰে ভিয়েটনামৰ ভো থি কিম আনৰ বিৰুদ্ধে ৫-০ ত জয়লাভ কৰি ১৬ ৰাউণ্ডত প্রৱেশ কৰে।

পুৰুষ আৰু মহিলা উভয় শাখাৰ ১০মিটাৰ এয়াৰ পিষ্টলত ৰমিতা জিন্দাল, এলাভেনিল ভালাৰিৱান, সনদীপ সিং আৰু অর্জুন বাবুতায়েও প্রতিযোগীতাত অৱতীর্ণ হ'ব। ভাৰতীয় খেলুৱৈসকলে দেওবাৰে আৰ্চাৰী, টেবুল টেনিচ আৰু বেডমিন্টন প্রতিযোগীতাতো অংশ ল'ব। মহিলাৰ দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰে চেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে পদক তালিকাত স্থান দখলৰ চেষ্টা চলাব।

মহিলাৰ একক বেডমিন্টনত পিভি সিন্ধুৱে প্রথমখন খেলত দেওবাৰে মালদ্বীপৰ ফাতিমাথ আব্দুল ৰজ্জকৰ মুখামুখি হ'ব। পুৰুষৰ একক শাখাত এইচ এছ প্রণয়ে জার্মানীৰ ফেবিয়ান ৰোথৰ বিৰুদ্ধে খেলিব। পুৰুষৰ একক শাখাৰ টেনিছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ১নম্বৰ স্থানৰ খেলুৱৈ চুমিত নাগালে ফ্ৰান্সৰ কৰেন্টিন নউটেটৰ বিৰুদ্ধে খেলিব।

পুৰুষৰ ডাবলছত ৰোহন বোপান্না আৰু শ্রীৰাম বালাজীৰ ভাৰতীয় যুটীটোৱে ফান্সৰ গায়েল মনফিলছ আৰু এডৱাৰ্ড ৰজাৰ ভেছলনৰ বিৰুদ্ধে প্রথম ৰাউণ্ডত অৱতীর্ণ হ'ব। দুয়োখন খেল বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ'ব। পেৰিছ অলিম্পিকত ভাৰতৰ কনিষ্ঠতম খেলুৱৈ ধিনিধি ডেচিংঘুৱে আজি মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰত অৱতীর্ণ হ'ব।

পুৰুষৰ ১০০ মিটাৰ ব্ৰেভষ্টক সাঁতোৰত শ্রীহৰি অৱতীৰ্ণ হ'ব। মহিলাৰ ৫০কেজি শাখাৰ বস্কিঙত দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা নিখাত জাৰীণে আজি খেল আৰম্ভ কৰিব। বিয়লি ৩বাজি ৫০ মিনিটত খেলুৱৈগৰাকীয়ে জার্মানীৰ মেক্সী কেৰিণা ক্লৱেটজাৰৰ বিৰুদ্ধে প্রতিযোগীতাত অৱতীর্ণ হ'ব।

মহিলাৰ একক শাখাৰ টেবুল টেনিছত শ্রীজা আকুলাই চুইডেনৰ খ্ৰীষ্টীনা কালবার্গ আৰু মনিকা বট্ৰাই ব্রিটেইনৰ আন্না হাৰছীৰ বিৰুদ্ধে খেলিব। পুৰুষৰ একক শাখাত ভাৰতৰ তাৰকা খেলুৱৈ শৰথ কমলে স্ল'ভেনিয়াৰ ডেনি কজুল আৰু হৰমীত দেছাই ফ্ৰান্সৰ সমপৰ্যায়ৰ খেলুৱৈ ফেলিক্স লেব্ৰাণৰ বিৰুদ্ধে খেলিব।

Also Read: দেশৰ ৯ ৰাজ্যই লাভ কৰিলে নতুন ৰাজ্যপাল

Paris Olympics