পেৰিছ পেৰালিম্পিকত ভাৰতে ভংগ কৰিলে সর্বকালৰ অভিলেখ

পেৰিছ পেৰালিম্পিকত ভাৰতে ভংগ কৰিলে সর্বকালৰ অভিলেখ
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতে পেৰিছ-পেৰা অলিম্পিকত বর্তমানলৈকে ২৭টা পদক লাভ কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। ভাৰতে পেৰিছ-পেৰা অলিম্পিকতে আটাইতকৈ বেছি পদক লাভ কৰিছে। ইয়াৰোপৰি ভাৰতে ২৭টা পদক দখলেৰে পদকৰ তালিকাত ১৮সংখ্যক স্থানত আছে।

হাই জাম্পাৰ প্ৰবীণ কুমাৰ, শুটাৰ অৱনি লেখাৰা, জেৱলিন থ্র'ৱাৰ ছুমীট আণ্টিল, আৰ্চাৰ হৰবিন্দৰ সিং, বেডমিন্টন তাৰকা নীতেশ কুমাৰ আৰু ক্লাৱ প্ৰ'ৱাৰ ধৰ্মবীৰ নেইন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সোণৰ পদক বিজয়ী আৰ্চাৰ হৰবিন্দৰ সিং আৰু স্প্রীণ্টাৰ পৃথ্বী পালে পেৰা অলিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছে। উল্লেখযোগ্য যে তেওঁলোকে দেওবাৰে অলিম্পিকৰ সামৰণি উৎসৱত পেৰিছ অলিম্পিকত দেশৰ পতাকা তুলি ধৰিব।

পুৰুষৰ শ্বট-পুটৰ এফ-৫৭ ইভেন্টত হ'কাটো হ'ট'ঝে চেমাই ব্ৰঞ্জৰ পদক জয় কৰিছে। পুৰুষৰ এফ ৫৭ কেটেগৰীত ১৪.৬৫ মিটাৰ থ্ৰ’ কৰি তেওঁ এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেচখনত সোণৰ পদক অৰ্জন কৰে ইৰাণৰ ইয়াছিন খোস্ৰাভিয়ে। ৰূপৰ পদক জয় কৰিছে ব্ৰাজিলৰ থিয়াগো ডছ চেণ্টুছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতে ২০২০চনত টকিঅ'ত অনুষ্ঠিত পেৰা অলিম্পিকত ৫টাকৈ সোণৰ পদক লাভেেৰে সৰ্বমুঠ ১৯ টা পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। কিন্তু পেৰিছ পেৰালিম্পিকত ভাৰতে ২৭ টা পদক জয় কৰি এতিয়ালৈ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে দেশৰ খেলুৱৈসকলে।

২৮ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ১৬৭খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতৰ পৰা এই প্ৰতিযোগিতাত ৮৪জনীয়া খেলুৱৈৰ দলে ভাগ লৈছে। ২০২৪ চনৰ পেৰালিম্পিকৰ ২২টা শিতানৰ ভিতৰত ১২টা প্ৰতিযোগিতাত ভাগ লৈছে ভাৰতীয় খেলুৱৈসকলে।

পেৰিছ পেৰালিম্পিকত ভাৰতে ভংগ কৰিলে সর্বকালৰ অভিলেখ
মাইম বিস্ফোৰণত হেৰুৱাইছিল ভৰিঃ পেৰা অলিম্পিকত জয় কৰিলে ব্ৰঞ্জৰ পদক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in