আজিৰে পৰা হেডিংলেত প্ৰথম টেষ্ট : কৰুণ নায়াৰৰ আঘাত

আজিৰে পৰা হেডিংলেত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব প্ৰথম টেষ্ট। ইতিমধ্যে এই শৃংখলাক লৈ অত্যন্ত আশাবাদী তৰুণ শক্তিৰে গঠিত টীম ইণ্ডিয়া। দলৰ প্ৰতিগৰাকী সদস্য সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ইংলেণ্ডৰ বিৰুদ্ধে অধিনায়ক গীলে ৰচিছে বিশেষ ৰণকৌশল। 

author-image
Asomiya Pratidin
New Update
fhgf

ডিজিটেল ডেস্ক : আই পি এলৰ প্ৰদৰ্শন এতিয়া অতীত। এতিয়া কান্ধত জাতীয় দলৰ দায়িত্ব শুভমন গীল নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ। 

আজিৰে পৰা হেডিংলেত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব প্ৰথম টেষ্ট। ইতিমধ্যে এই শৃংখলাক লৈ অত্যন্ত আশাবাদী তৰুণ শক্তিৰে গঠিত টীম ইণ্ডিয়া। দলৰ প্ৰতিগৰাকী সদস্য সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ইংলেণ্ডৰ বিৰুদ্ধে অধিনায়ক গীলে ৰচিছে বিশেষ ৰণকৌশল। 

সুযোগৰ সদ্ব্যৱহাৰ কৰি ইংলেণ্ডক শ’লঠেকত পেলাই পৰাস্ত কৰাটোৱেই হ’ব ভাৰতীয় দলৰ মূল লক্ষ্য। অৱশ্যে ইয়াৰ মাজতে চিন্তাত পৰিছে ভাৰতীয় দলৰ মেনেজমেণ্ট। কিয়নো অনুশীলনৰ সময়ত সামান্য আঘাত পাইছে অভিজ্ঞ কৰুণ নায়াৰে। জানিব পৰা মতে নেটত বেটিং কৰি থকাৰ সময়ত প্ৰসিদ্ধ কৃষ্ণৰ এটা বলে নায়াৰৰ কামিহাড়ত আঘাত কৰে।

ind vs eng test ind vs eng