গ্রীষ্ম প্রবাহে দহিব দেশৰ উত্তৰ অংশ! আনফালে অসম-মেঘালয়ত প্ৰৱল বৰষুণ...

গ্রীষ্ম প্রবাহে দহিব দেশৰ উত্তৰ অংশ! আনফালে অসম-মেঘালয়ত প্ৰৱল বৰষুণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ আগন্তুক কেইবা দিনলৈ গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব দেশৰ উত্তৰ অংশ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্রচণ্ড গ্রীষ্ম প্রবাহ অব্যাহত থকাৰ আগলি বতৰা প্রকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই প্রকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্রদেশ, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্রীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ লগতে জম্মু-কাশ্মীৰ, উত্তৰ মধ্যপ্রদেশ আৰু অন্ধ্রপ্রদেশৰ উপকূলীয় অঞ্চল, ৰাজস্থান আৰু বিদর্ভতো গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি বিভাগে প্রকাশ কৰিছে।

আনহাতে অসম আৰু মেঘালয়ত অহা ৩ দিনত ধাৰাষাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। ইয়াৰ লগতে অসমৰ কোনো কোনো অঞ্চল, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ অঞ্চল বিশেষে অহা ৫ দিনত মজলীয়া বৰষুণ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অসমৰ ৮খন জিলাত ৰেড এলাৰ্ট, ১২খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ১৫খন জিলাত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বাক্সা, তামুলপুৰ, বৰপেটা আৰু ডিমা হাচাও জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে।

ধুবুৰী, বজালী, দৰং, নলবাৰী, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, কাছাৰ আৰু কৰিমগঞ্জ জিলাত অৰেঞ্জ এলাৰ্ট। দক্ষিণ শালমৰা, কামৰূপ, কামৰূপ (মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, হোজাই আৰু হাইলাকান্দি জিলাত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

গ্রীষ্ম প্রবাহে দহিব দেশৰ উত্তৰ অংশ! আনফালে অসম-মেঘালয়ত প্ৰৱল বৰষুণ...
নদীৰ জলপৃষ্ঠ বিপদসীমাৰ তলেৰে বৈ থকা স্বত্বেও পানীৰ কৱলত ২খন গাঁও, ক'ত গ'ল উন্নয়নৰ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in