১৭খন ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী: অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি

১৭খন ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী: অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ পূৱ, উত্তৰ পশ্চিম আৰু পূৱত আগন্তুক তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে এই খণ্ড কেইটাত অৰেঞ্জ আৰু ৰেড এলার্ট জাৰি কৰিছে।

বিভাগে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, পূৱ ৰাজস্থান আৰু উত্তৰ প্রদেশৰ বেছি ভাগ অঞ্চলতে অহা তিনিদিনলৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে। ইপিনে, পূৱ আৰু উত্তৰ পূৱ ভাৰতৰ বিহাৰ, পশ্চিমবংগ, চিকিম, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুইৰ পৰা তিনিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।

উল্লেখযোগ্য যে অসমত শেহতীয়া বানত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানত দেওবাৰে ২জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত এইপৰ্যন্ত বানৰ কৱলত পৰি ৪৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত ব্রহ্মপুত্রকে ধৰি পাঁচখন নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ইপিনে উৎকট গৰমৰ পিচত কৃত্ৰিম বানৰ সন্মুখীন হ'ল ৰাজধানী দিল্লী ৷ ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত প্ৰাত্যাহিক জীৱনযাত্ৰা সূচাৰুৰূপে চলাই লৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে নাগৰিকসকল ৷ ৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত বানপানীৰ কবলত পৰিলে দিল্লী। প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা ৰাজধানী চহৰখনত কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ১১ জনকৈ লোকৰ মৃত্যু হৈছে।

১৭খন ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী: অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি
নতুন আইন: দেশত বলৱৎ হ'ব নতুন আইন ব্যৱস্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in