১৭বছৰৰ বিৰতিৰ পিছত মাহেন্দ্ৰ ক্ষণঃ টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল ভাৰতৰ...

১৭বছৰৰ বিৰতিৰ পিছত মাহেন্দ্ৰ ক্ষণঃ টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল ভাৰতৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ জিকিল ভাৰত, হাৰিল দক্ষিণ আফ্ৰিকা। ২০০৭চনৰ পিছত আকৌ ঘূৰি আহিল সেই মাহেন্দ্ৰ ক্ষণ। টীম ইণ্ডিয়াই হাতত তুলি ল’লে টি-২০ বিশ্বকাপৰ ট্ৰফী। ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ এবাৰ টীম ইণ্ডিয়াই দেশৰ নাম বিশ্ব ক্ৰিকেটত সোণালী আখৰেৰে লিপিৱদ্ধ কৰিলে। ৭ৰাণত বিশ্বকাপৰ ফাইনেলত জিকিল ভাৰত।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাৰ এই সিদ্ধান্ত আছিল ১০০শতাংশই শুদ্ধ। কিয়নো ইতিহাস সাক্ষী আছে যে, বিশ্বকাপ টি-২০ত টছত জিকি প্ৰথমে বেটিং কৰা দলটোৱে হৈ আহিছে চেম্পিয়ন।

ইয়াৰোপৰি টি-২০ বিশ্বকাপৰ ইতিহাসত যিটো দল টছ জিকে সিয়ে চেম্পিয়ন হোৱাৰ সম্ভাৱনা বেছি। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০০৭চনতো ভাৰতে প্ৰথমে বেটিং কৰিয়েই জিকিছিল বিশ্বকাপ।

আজিৰ মেচখনত প্ৰথমে বেটিং কৰি ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক বান্ধি দিছিল ১৭৬ৰাণৰ লক্ষ্য। এই লক্ষ্যৰ পিছা কৰি দক্ষিণ আফ্ৰিকাৰ দলটোৱে সংগ্ৰহ কৰে ১৬৯ ৰাণ। ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বিৰাট কোহলীয়ে। ৫৯টা বলত ৭৬ৰাণ সংগ্ৰহ কৰে বিৰাটে। ইফালে সুন্দৰ বেটিং কৰি ৰাণ আউট হয় অক্সৰ পেটেল।  পেটেলে ৩১টা বলত সংগ্ৰহ কৰে ৪৭ৰাণ।

ফাইনেল মেচখনত অধিনায়ক ৰোহিত শৰ্মাই ৫টা বলত ৯ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ঋষভ পন্ট শূণ্য ৰাণতে আউট হয়। সূৰ্য কুমাৰেও আজি নিজৰ খেল প্ৰদৰ্শন কৰিব পৰা নাছিল। ১৭৭ৰাণৰ পিছা কৰি খেলপথাৰত নমা দক্ষিণ আফ্ৰিকা দলটোৰ অপেনাৰ আৰ হেনড্ৰিকে ৫টা বলত ৪ৰাণ কৰি পেভিলিয়নমুখী হয়। অধিনায়ক এ মাৰ্কৰামো ৫টা বলত ৪ৰাণ সংগ্ৰহ কৰি আউট হয়। দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে এইচ কালচেনে। ২৭টা বলত ৫২ৰাণ সংগ্ৰহ কৰে দক্ষিণ আফ্ৰিকাৰ এই খেলুৱৈগৰাকীয়ে।

ভাৰতৰ হৈ অশ্বদ্বীপ সিঙে ২টা, বুমৰাহে ২টা, হাৰ্দিক পাণ্ডিয়াই ৩টা, এ আৰ পেটেলে ১টা উইকেট দখল কৰে। ভাৰতীয় দলটোৱে এই বিশ্বজয়ৰ পাছতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে শুভেচ্ছা জ্ঞাপন কৰে দলটোৰ প্ৰতিগৰাকী খেলুৱৈক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in