টী-২০ বিশ্বকাপঃ অষ্ট্ৰেলিয়ালৈ ভাৰতীয় ক্ৰিকেট দল...

সমাগত বিশ্বকাপৰ বাবে ৰোহিতৰ নেতৃত্বত ভাৰত

author-image
Asomiya Pratidin
New Update
টী-২০ বিশ্বকাপঃ অষ্ট্ৰেলিয়ালৈ ভাৰতীয় ক্ৰিকেট দল...

indian cricket team

ডিজিটেল ডেস্কঃ টী-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছে ভাৰতীয় ক্ৰিকেট দল। ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে মুম্বাই পৰা অষ্ট্ৰেলিয়া অভিমুখে বিশেষ বিমানেৰে যাত্ৰা কৰে।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে তিনিখনীয়া টী-২০ শৃংখলা ২-১ৰ ব্যৱধানত জয়ী হৈছিল । ইয়াৰে প্ৰথম খন আৰু দ্বিতীয়খন মেচত ভাৰত জয়ী হোৱাৰ বিপৰীতে ইন্দোৰৰ অন্তিম মেচত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰিছিল।

virat-surya kumar
virat-surya kumar

ৰোহিত শৰ্মাৰ নেতৃত্বত সদ্যসমাপ্ত শৃংখলা জয় কৰি অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে আত্মবিশ্বাসী ভাৰতীয় দল। বিশ্বকাপ জয় কৰাৰ মানসিকতাৰে প্ৰথম খন খেলত পাকিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতীয় ক্ৰিকেট দলে।

বিৰাট কোহলি,কে এল ৰাহুলৰ ফৰ্মহীনতাই দলীয় মেনেজমেণ্টক চিন্তিত কৰি তুলিছিল যদিও বৰ্ষাপাৰাত কোহলি,ৰাহুল,সূৰ্য কুমাৰৰ বেটিং বিক্ৰমে সেই চিন্তা দূৰ কৰিছে। অন্যহাতে আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰা বুমৰাহৰ স্থানত কোন অষ্ট্ৰেলিয়ালৈ যাব সেই সন্দৰ্ভত বি চি চি আইয়ে এতিয়াও চূড়ান্ত কৰা নাই।

cricket t-20 world cup bcci aus india