অভিনন্দন ভাৰতঃ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পুৰুষ হকী দলৰ

অভিনন্দন ভাৰতঃ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পুৰুষ হকী দলৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ পৰা আহিল ভাল খবৰ। অলিম্পিকত পুনৰুত্থান হ'ল ভাৰতীয় পুৰুষ হকী দলৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ লগে লগে ভাৰতে ২০২৪ ৰ অলিম্পিকৰ পৰা আজুৰিলে ৪টাকৈ পদক।

২-১ গ'লৰ ব্যৱধানত স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদত দখল কৰিলে হকী দলটোৱে। উল্লেখ্য যে, ভাৰতীয় হকী দলে ৫২ বছৰৰ অন্তত অলিম্পিকত একেৰাহে ২ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ কৰাটো প্ৰয়োজন যে, ইয়াৰ পূৰ্বে টকিঅ' অলিম্পিকটো ব্ৰঞ্জৰ পদক দখল কৰিছিল ভাৰতীয় পুৰুষ হকী দলটোৱে।

ইয়াৰোপৰি ১৯৬০ চনৰ পৰা ১৯৭২ চনলৈকে ভাৰতে হকীত একেৰাহে ৪টা পদক লাভ কৰিছিল। লগতে ১৯৮০ চনত অলিম্পিকত সোণৰ পদক অৰ্জন কৰিবলৈও সক্ষম হৈছিল। আনহাতে দলটোৰ সাফল্যত নিজ এক্স হেণ্ডেল যোগে অভিনন্দন জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে।

অভিনন্দন ভাৰতঃ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পুৰুষ হকী দলৰ
খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰ মত বিনিময়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in