ৰে’ল যাত্ৰাৰ সুৰক্ষাৰ নিশ্চিত কৰিব কৱচ ৪য়ে...

ৰে’ল যাত্ৰী আৰু ভাৰতীয় ৰে’লৰ বাবে সুখবৰ। যাত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষিত ৰে’ল চলাচলৰ বাবে দক্ষিণ মধ্য ৰে’লৱে ১,৪৬৫ কি. মি. ৰে’লপথত সফলভাৱে স্থাপন কৰিছে কৱচ ৪...

author-image
Asomiya Pratidin
New Update
rly

ডিজিটেল ডেস্ক : ৰে’ল যাত্ৰী আৰু ভাৰতীয় ৰে’লৰ বাবে সুখবৰ। যাত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষিত ৰে’ল চলাচলৰ বাবে দক্ষিণ মধ্য ৰে’লৱে ১,৪৬৫ কি. মি. ৰে’লপথত সফলভাৱে স্থাপন কৰিছে কৱচ ৪ । এয়া প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰতক আগুৱাই নিয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

স্বয়ংক্ৰিয় এই ৰে’ল সুৰক্ষা ব্যৱস্থা উদ্ভাৱন কৰা হৈছে গৱেষণা ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচন চমুকৈ আৰ ডি এছ অ’ৰ উদ্যোগত। এই ব্যৱস্থাত লোক পাইলট অক্ষম হ’লে স্বয়ংক্ৰিয়ভাৱে ব্ৰেক লগোৱা ব্যৱস্থা, গতি নিয়ন্ত্ৰণ, ৰে’ল ক্ৰছিংত অট’ হুছেইল আদিৰ ব্যৱস্থা আছে।

এই সুৰক্ষাৰ উন্নত ব্যৱস্থাৰ জৰিয়তে দুখন ৰে’লৰ ইঞ্জিনৰ মাজত সংঘৰ্ষ এৰাই চলিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে জৰুৰীকালীন সময়ৰ বাবে এছ অ’ এছ ফাংচনৰ ব্যৱস্থা ৰখা হৈছে। ভাৰতীয় ৰে’লত প্ৰায় ১০,০০০ ইঞ্জিনত এই কৱচ ব্যৱস্থা সংযোজন কৰা হ’ব।

পুৰণি কৱচ সংস্কৰণ ৩ৰ বিপৰীতে ইয়াত থকা অত্যধুনিক প্ৰযুক্তিগত ব্যৱস্থাই ভাৰতীয় ৰে’লৰ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেৰ সুৰক্ষাৰ বাবে কৱচ ব্যৱস্থা ২০১৪ বৰ্ষতে উদ্ভাৱন কৰা হৈছিল আৰু ইয়াক পাইলট প্ৰজেক্টৰূপে ব্যৱহাৰ কৰি বিভিন্ন গৱেষণাৰ অন্তত কৱচ ৪ সংস্কৰণ ৰে’লসমূহত সংযোজনৰ বাবে ইতিমধ্যে অনুমতি দিয়া হৈছে।

indian railways