বিগত কিছুদিনত অৱনমিত ভাৰতীয় শ্বেয়াৰ বজাৰ...

বিগত কিছুদিন ধৰি ভাৰতৰ শ্বেয়াৰ বজাৰ অভাৱনীয় হাৰত অৱনমিত হৈছে। ঘৰুৱা আৰু বিশ্ব অৰ্থনৈতিক কেতবোৰ কাৰকৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক অৱনমিত হোৱা বুলি বিজ্ঞসকলে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে।

author-image
Asomiya Pratidin
New Update
শ্বেয়াৰ বজাৰ

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি ভাৰতৰ শ্বেয়াৰ বজাৰ অভাৱনীয় হাৰত অৱনমিত হৈছে। ঘৰুৱা আৰু বিশ্ব অৰ্থনৈতিক কেতবোৰ কাৰকৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক অৱনমিত হোৱা বুলি বিজ্ঞসকলে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে।

চেন্সেক্স আৰু নিফটিৰ দৰে মূল সূচকাংকৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ভাৰতীয় ইকুইটি বজাৰখনে বিগত দুদিনত অভাৱনীয়ভাৱে অৱনমিত হৈছে। যাৰ বাবে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিবলৈ চিন্তা কৰিব লগা পৰিস্থিতি আহি পৰিছে।

ভাৰতীয় শ্বেয়াৰ বজাৰৰ সাম্প্ৰতিক অৱস্থাই বিশ্বৰ বজাৰত বহুলাংশে প্ৰভাৱিত কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰে। শেহতীয়াকৈ বিশ্বজুৰি বজাৰসমূহে মুদ্ৰাস্ফীতিৰ উদ্বেগ, সুতৰ হাৰ বৃদ্ধিৰ অনিশ্চয়তাৰ প্ৰতি সঁহাৰি জনাই বজাৰ বৃদ্ধি কৰিছে।

লগতে উল্লেখ কৰে যে শ্বেয়াৰ বজাৰৰ এনে অৱস্থা দেখি বিনিয়োগকাৰীসকলে সুৰক্ষিত অৱস্থাৰ দিশে গতি কৰিছে। কিয়নো অৱনমিত বজাৰত কোনো বিনিয়োগকাৰীয়ে বিনিয়োগ কৰি লোকচানৰ সন্মুখীন হ নিবিচাৰে। আগতীয়া বজাৰৰ ৰেহ- ৰূপ অনুমান কৰিয়েই ইকুইটি বজাৰৰ পৰা বিনিয়োগৰ ধন আঁতৰাই আনিছে।

উল্লেখযোগ্য যে বৰ্তমান বজাৰৰ মন্দাৱস্থাত ভাৰতৰ ঘৰুৱা অৰ্থনৈতিক সূচকসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান বিশেষ খণ্ডত অৰ্থনীতিৰ স্থিতিস্থাপকতা থকাৰ পাছতো ঔদ্যোগিক উৎপাদন বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ দৰে সূচকসমূহ চিন্তাৰ বিষয় হৈয়েই আছে।

বজাৰ বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে যে ভাৰতৰ ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ ফলত বিনিয়োগকাৰীসকলৰ আগ্ৰহ কমিছে। কেৱল ইমানেই নহয়, কৰ্পৰেট খণ্ডতো ইয়াৰ প্ৰভাৱ পৰিছে।

 

এইখিনিতে উল্লেখ কৰিব লাগিব যে কেইমাহমান আগেয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংকই ঊৰ্ধমুখী যাত্ৰা কৰিছিল। যাৰ বাবে বিনিয়োগকাৰীসকলে হাঁহিমুখে ধন বিনিয়োগ কৰিবলৈ আহিছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখা বিপৰীত ছবিৰ বাবে এতিয়া বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিবলৈ আগ্ৰহ দেখুওৱা নাই বুলি বিশেষজ্ঞসকলে প্ৰতিবেদনত উল্লেখ কৰে।

শ্বেয়াৰ বজাৰ