প্ৰতিখন বিয়াত খৰছ ১২লাখৰো অধিকঃ আমেৰিকাকো চেৰ পেলালে ভাৰতে...

প্ৰতিখন বিয়াত খৰছ ১২লাখৰো অধিকঃ আমেৰিকাকো চেৰ পেলালে ভাৰতে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতত বিয়াৰ ক্ষেত্ৰত কোনোৱে কৃপনালি নকৰে। বিয়াৰ অভ্যৰ্থনাৰ পৰা আদি কৰি কইনাৰ জুৱেলাৰীৰ লৈকে সকলোতে মন খুলি খৰছ কৰা হয় ভাৰতত। এই কথা আমি কোৱা নাই, শেহতীয়াকৈ এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

শেহতীয়াকৈ কেপিটেল মাৰ্কেট ফৰ্ম জেফৰীছ নামৰ এটা সংস্থাই কৰা সমীক্ষাত পোহৰলৈ আহিছে যে, ভাৰতত প্ৰতিখন বিয়াত গড় হিচাপত খৰছ কৰা হয় ১২.৫০লাখ টকা। এই সংস্থাটোৱে সদৰি কৰা অনুসৰি, দেশত খাদ্য আৰু গ্ৰচাৰী বজাৰখনৰ পিছতে সৰ্ববৃহত বজাৰলৈ ৰূপান্তৰ হৈছে এই বিয়াৰ বজাৰ।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতীয়সকলে বিয়াৰ অধিকাংশ খৰচ কৰে বিয়াৰ অভ্যৰ্থনা, জুৱেলাৰী, হোটেল, কপোৰ, ডেকুৰেশ্যন, কেমেৰা আৰু গাড়ীৰ নামত। এই সকলোবিলাকক সাঙুৰি এটা উদ্যোগলৈ ৰূপান্তৰ হোৱা এই বিয়া উদ্যোগটো বৰ্তমান ১৩০আৰৱ ডলাৰ অৰ্থাত ভাৰতীয় হিচাপত ১০লাখ কোটিৰ হৈছেগৈ।

ইণ্ডিয়ান ৱেডিং ইণ্ডাষ্টীৰ এই অভূৰ্তপূৰ্ব উত্থানৰ পাছতে এতিয়া এই ক্ষেত্ৰত আমেৰিকাকো চেৰ পেলালে ভাৰতে। আমেৰিকাৰ বিয়াৰ উদ্যোগতকৈ প্ৰায় দুগুণ বিশাল ভাৰতৰ এই বিয়াৰ বজাৰখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in