ভাৰতৰ এইসমূহ ঠাইৰ বিষয়ে জানিলে আপুনিও হ'ব আচৰিত...

ভাৰতৰ এইসমূহ ঠাইৰ বিষয়ে জানিলে আপুনিও হ'ব আচৰিত...
Published on
Updated on

ডিজিটেল ডেস্কঃ মানৱ জাতিয়ে চন্দ্ৰ আৰু মহাকাশত বিচৰণ কৰাৰ লগতে মংগল গ্ৰহত বসবাস কৰাৰ যোজা চলাইছে। কিন্তু তথাপিও আমাৰ চাৰিওফালে এনেকুৱা কিছুমান ৰহস্যময় কাহিনী আছে, যিবোৰ এক অবুজ সাঁথৰৰ দৰে। অতীজৰে পৰা প্ৰকৃতিয়ে মানুহক প্ৰায় আচম্বিত আৰু কৌতুহল কৰি আহিছে। যেতিয়াই আমি ভাবো যে আমি এটা ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'লো, কিন্তু পুনৰ আন এটা নতুন ৰহস্যই গা কৰি উঠে।

ভাৰততো আছে এনে কেইখনমান ৰহস্যময়ী ঠাই, যিয়ে আপোনাক কৰি তুলিব আচৰিত। ভাৰতৰ আটাইতকৈ ৰহস্যময় ঠাইবোৰৰ বিষয়ে জানিব বিচাৰেনে? বহুতে হয়তো এই ঠাইসমূহৰ ৰহস্যবোৰ বিচাৰি উলিওৱাৰ প্ৰৱণতা কৰে আৰু আন কিছুমানে ইয়াৰ আঁৰৰ যুক্তি বুজিবলৈ চেষ্টা কৰে। এই ৰহস্যময়ী ঠাইসমূহৰ কিছুমান ঠাই দেশৰ বিখ্যাত পৰ্যটনস্থলীও। ভাৰতৰ ৫খন ৰহস্যময়ী ঠাইৰ বিষয়ে জানো আহক।

অসমৰ জাতিংগা

অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। জাতিংগা হৈছে চিৰ সেউজীয়া পাহাৰৰ সৈতে এক শান্তিপূৰ্ণ স্থান। কিন্তু এই ঠাইখন বাৰিষা মাহত প্ৰতি বছৰে ঘটা এক পৰিঘটনাৰ বাবেও অধিক জনাজাত। উল্লেখযোগ্য যে, সূৰ্যাস্তৰ ঠিক পিছতেই ইয়াত শ শ পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰে। স্থানীয় একাংশ লোকে অস্বাভাৱিক কাৰ্যকলাপত বিশ্বাস কৰিছিল যদিও বৈজ্ঞানিক তত্ত্বই প্ৰকাশ কৰে যে ঘন কুঁৱলীৰ বাবেই চৰাইবোৰে গছ-গছনি আৰু ঘৰত খুন্দা মাৰে যাৰ ফলত চৰাইবোৰৰ মৃত্যু ঘটে।

কোডিনহি, কেৰেলা – দ্য টাউন অৱ টুইনছ

কেৰেলাৰ মালাপুৰম জিলাত অৱস্থিত এখন গাঁও কোডিনহি। এই মুছলমান সংখ্যাগৰিষ্ঠ গাঁওখনৰ মুঠ ২০০০টা পৰিয়াল বাস কৰে। এই গাঁৱৰ বিশেষত্ব হ’ল গাঁওখন যমজ সন্তান জন্মৰ সংখ্যাৰ বাবে যথেষ্ট পৰিচিত। ভাৰতত জন্ম হোৱা যমজ সন্তানৰ জন্মৰ হাৰতকৈ এই গাঁৱত যমজ সন্তানৰ জন্মৰ হাৰ যথেষ্ঠ বেছি। বছৰ বছৰ পাৰ হৈ যোৱাৰ লগে লগে কোডিনহিত যমজ যোৰাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৰ্তমান কেৰেলাৰ এই গাঁওখন দ্য টাউন অৱ টুইনছ হিচাপে পৰিচিত।

চুম্বকীয় পাহাৰ (MEGNATIC HILL), লাডাখ

লাডাখ ভাৰতৰ অন্যতম ঠাইসমূহৰ মাজত এক। এই লাডাখৰ নাম নুশুনা মানুহ হয়তো বহুত কম ওলাব। কিন্তু এই লাডাখতে অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা ১৪, ০০০ ফুট ওপৰত, লেহ-কাৰ্গিল-বাল্টিক ৰাষ্ট্ৰীয় ঘাইপথত, আৰু লেহৰ পৰা ৩০ কি.মি. দূৰত এখন পাহাৰ আছে, যাক চুম্বকীয় পাহাৰ বুলি কোৱা হয়। কিন্তু কিয়?

লাডাখৰ এই চুম্বকীয় ৰাষ্টাটোৱে যাত্ৰীসকলক বৰকৈয়ে আচৰিত কৰে। এই পথত গাড়ীৰ ইঞ্জিন বন্ধ কৰি থ’লেও ই নিজে নিজে গতি কৰে। ইফালে ৰাষ্টাটোও ওপৰলৈ যোৱা। এই চুম্বকীয় ক্ষেত্ৰখন ইমানেই শক্তিশালী বুলি কোৱা হয় যে ওপৰেদি যোৱা হেলিকপ্টাৰ আৰু এৰোপ্লেনবোৰো বহুত ওপৰেদি পাৰ হৈ যায়, চুম্বকীয় শক্তিৰ পৰা বাচিবলৈ।

কুলধাৰা গাঁও, ৰাজস্থান

ৰাজস্থানৰ জয়ছেলমীৰ জিলাৰ এখন গাঁৱৰ নাম হ’ল কুলধাৰা। জয়ছেলমীৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে এই গাঁওখন অৱস্থিত আছিল। এই গাঁওখন প্ৰায় ১৩শ শতিকাতে সৃষ্টি হোৱা বুলি জানিব পৰা যায়। এসময়ৰ ঐশ্বৰ্য্যশালী এই গাঁওখনত পালিৱাল ব্ৰাহ্মণসকলে বসবাস কৰিছিল। গাঁওখনত প্ৰায় ৪১০টা ঘৰৰ ভগ্নাৱশেষ দেখা পোৱা যায়। আৰু গাঁওখনৰ ওচৰে পাজৰে সকলো দিশতে মুঠ ২০০টা ঘৰৰ ভগ্নাৱশেষ এতিয়াও আছে। ১৭-১৮শ শতিকাত গাঁওখনৰ জনসংখ্যা প্ৰায় ১,৫৮৮জন আছিল। কিন্তু বৰ্তমান সম্পূৰ্ণ গাঁওখন জনশূন্য। যদিও পানীৰ পৰিমাণ কম আছিল তথাপিও কুলধাৰা সেইসময়ৰ এখন লেখত ল'বলগীয়া গাঁও হৈ পৰিছিল।

মহাৰাষ্ট্ৰৰ শনি শ্বিংগাপুৰ

শনি  শ্বিংগাপুৰ ভাৰতৰ অন্যতম আকৰ্ষণীয় স্থান। আহমেদনগৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত থকা গাঁওখন হিন্দু দেৱতা শনিৰ মন্দিৰৰ বাবে জনাজাত। এই গাঁওখনৰ ৰহস্যটো হ’ল গাঁওখনৰ ঘৰ-দুৱাৰ, বিদ্যালয়, বেংক, থানা আদিত কোনো দুৱাৰৰ ব্যৱ্স্থা নাই ৷ ইয়াৰ উপৰিও শনি চিংগাপুৰ এনে এখন ঠাই য’ত আজিলৈ কোনো অপৰাধ সংঘটিত হোৱা নাই । গাঁৱৰ ৰাইজৰ ভগৱান শনিৰ ওপৰত থকা পৰম বিশ্বাসৰ বাবে সকলোকে ৰক্ষা কৰিব বুলি বিশ্বাস কৰি ঘৰসমূহত কোনো দুৱাৰৰ ব্যৱস্থা কৰা নাই।

এইসমূহেই আছিল ভাৰতৰ কিছু ৰহস্যময় স্থানৰ ভিতৰত অন্যতম। এনে ঠাইসমূহৰ কিছু ঠাই অতি ভয়ংকৰ ৰহস্যৰে আৱৰি আছে। এনেধৰণৰ আৰু বহুতো ৰহস্যময়ী ঠাই আমাৰ পৃথিৱীত এতিয়াও বিৰাজমান হৈ আছে। যি মানৱজাতিৰ পৰা অজ্ঞাত আৰু নিলগত। যাৰ অনুসন্ধানৰ প্ৰচেষ্টা বৰ্তমানো চলি আছে।

ভাৰতৰ এইসমূহ ঠাইৰ বিষয়ে জানিলে আপুনিও হ'ব আচৰিত...
এনেবোৰ অৱস্থাত ভগৱান শিৱক সপোনত দেখিলে ভাল ফল পাব আপুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in