ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী। ১৯২৪ চনৰ ২৫ডিচেম্বৰত জন্ম হোৱা বাজপেয়ী ১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত দিল্লীৰ এইমছত (অখিল ভাৰতীয় আয়ুৰ্বি়জ্ঞান সংস্থান, নতুন দিল্লী) মৃত্যু হৈছিল।
বাজপেয়ীৰ মৃত্যুতিথি উপলক্ষে শুকুৰবাৰে পুৱা সমাধিস্থলীত উপস্থিত হৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
ইয়াৰ উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশৰ প্ৰতিৰক্ষা গৃহমন্ত্ৰী ৰাজনাথ সিং, জে পি নড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি দলৰ সাংসদ তথা নেতাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
উল্লেখ্য যে, স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে' ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Also Read: পুনৰ চিকিৎসা কৰ্মীক নিৰ্যাতন চলাই হত্যাঃ এজনক গ্ৰেপ্তাৰ...