ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰাণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বছৰৰ অক্টোবৰত ভাৰতৰ সামগ্ৰীক ৰপ্তানি, ব্যৱসায়িক সামগ্ৰী আৰু আন সেৱাসমূহৰ বজাৰ মূল্য ৭৩.২১ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ ১৯.০৭ শতাংশ।
উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ অক্টোবৰত ভাৰতৰ ৰপ্তানি আৰু আন ব্যৱসায়িক সামগ্ৰীৰ বজাৰ মূল্য আছিল ৬১.৪৮ বিলিয়ন মাৰ্কিন ডলাৰ। তথ্য অনুসৰি অক্টোবৰত সামূহিক ৰপ্তানিৰ পৰা ৩৩.৪৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৩৯.২০ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি হৈছে।
ইয়াৰ লগতে ৰপ্তানি সেৱাৰ বাবদ ভাৰতে ২০২৩ বৰ্ষৰ অক্টোবৰত ২৮.০৫ বিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিছিল যদিও ২০২৪ বৰ্ষৰ অক্টোবৰত সেয়া বৃদ্ধি হৈ হৈছিল গৈ ৩৪.০২ বিলিয়ন মাৰ্কিন ডলাৰ। ২০২৪-২৫ বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে বাণিজ্যক্ষেত্ৰখনৰ পৰা ভাৰতে আহৰণ কৰিছে ৪৬৮. ২৭ বিলিয়ন মাৰ্কিন ডলাৰ। এই বৃদ্ধিৰ হাৰ ৭.২৮ শতাংশ।
বাণিজ্য মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে- চলিত বিত্তীয় বৰ্ষত ভাৰতৰ ৰপ্তানিৰ পৰিসৰ ৮০০ বিলিয়ন মাৰ্কিন ডলাৰ লৈ বৃদ্ধি পাব। ব্যৱসায়িক সামগ্ৰী আৰু আন সেৱাৰ আমদানিকৃত বজাৰৰ পৰিসৰো ৭৭.৩৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৮৩.৩৩ বিলিয়ন মাৰ্কিন ডলাৰ লৈ বৃদ্ধি পাইছে।
চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ উৎপাদকসকলৰ বিশ্বমুখী প্ৰতিযোগিতাৰ ফলতেই ভাৰতে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এপ্ৰিলৰ পৰা অক্টোবৰৰ এই সময়ছোৱাত দেশৰ পৰা সৰ্বাধিক পৰিমাণৰ সামগ্ৰী ৰপ্তানি হোৱাৰ এই খবৰে বিনিয়োগকাৰীসকলকো আকৰ্ষিত কৰিছে। ২০২৩-২৪ বৰ্ষৰ বছৰটোত ভাৰতে ৭৭৮ বিলিয়ন মাৰ্কিন ডলাৰ সামগ্ৰী ৰপ্তানি কৰিছে।