ভাৰতৰ দ্ৰুত বাণিজ্য বজাৰ ২০৩০ত ৫৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব : মৰ্গান ষ্টেনলী

ভাৰতৰ দ্ৰুত বাণিজ্য বজাৰে দেশৰ বাণিজ্যখণ্ডলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। আজিকালি দ্ৰুত বাণিজ্য বজাৰৰ প্ৰতি উপভোক্তাৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
বাণিজ্য

ডিজিটেল ডেস্ক : ভাৰতৰ দ্ৰুত বাণিজ্য বজাৰে দেশৰ বাণিজ্যখণ্ডলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। আজিকালি দ্ৰুত বাণিজ্য বজাৰৰ প্ৰতি উপভোক্তাৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত বিশেষজ্ঞ মৰ্গান ষ্টেনলীয়ে ভাৰতৰ দ্ৰুত বাণিজ্য চমুকৈ কিউ চি ২০৩০ চনৰ ভিতৰত ৫৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। দেশৰ আগশাৰীৰ মেট্ৰ’সমূহৰ বাহিৰেও আন আন প্ৰান্তত দ্ৰুত বাণিজ্য বজাৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, এক তথ্যৰ ভিত্তিত মৰ্গান ষ্টেনলিয়ে কয় যে, ভাৰতৰ দ্ৰুত বাণিজ্য বজাৰ পূৰ্বে আছিল ৪২ বিলিয়ন ডলাৰ। এতিয়া এই হাৰ যথেষ্ট বৃদ্ধি পাইছে। গতিকে এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, অহা ২০৩০ চনৰ ভিতৰত এই হাৰ ৫৭ ডলাৰলৈ বৃদ্ধি পাব।

economy