ভাৰত-চীন সীমান্তত মোতায়ন কৰা ভাৰতীয় সেনা স্থানান্তৰ...

ভাৰত-চীন সীমান্তত মোতায়ন কৰা ভাৰতীয় সেনা স্থানান্তৰ...

author-image
Asomiya Pratidin
New Update
ভাৰত-চীন সীমান্তত মোতায়ন কৰা ভাৰতীয় সেনা স্থানান্তৰ...

ডিজিটেল সংবাদ,তেজপুৰঃ ক্ৰমাৎ সুস্থৰ হৈছে ভাৰত চীন সীমান্ত এলেকা ৷ ভাৰত চীন সীমান্তৰ বুমলা পাছ এলেকাত ভিৰ বাঢ়িছে দেশ বিদেশৰ পৰ্যটকৰ ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিংপিং ৰ মাজত হোৱা বাৰ্তালাপৰ পিছত দুয়োখন দেশৰ সীমান্তত থকা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰা হৈছে ৷

  User
User

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, দুয়োখন দেশৰ মাজত যুটীয়া পেট্ৰলিঙৰ ব্যৱস্থা গঢ়ি উঠিলে চীন আৰু ভাৰতৰ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব ৷ যিহেতু দুয়োখন দেশ অৰ্থনৈতিক ভাৱে বহু আগবাঢ়ি গৈছে ৷ শান্তি স্থাপনেই দুয়োখন দেশৰ মূল লক্ষ্য। উল্লেখ্য যে, ২০২০ চনত পুলৱামত দুয়ো দেশৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল ৷

  User
User

কিন্তু দুয়ো দেশৰ মাজত সেই পৰিস্থিতি এতিয়া নাই ৷ শান্তিয়ে বিৰাজ কৰিছে ভাৰত চীন সীমান্তত ৷ সীমান্তত নিয়োজিত অত্যাধিক সেনা-বাহিনী স্থানান্তৰ কৰা হৈছে৷ সীমান্ত ভ্ৰমণৰ বাবে অহা পৰ্যটক সকলে বিনা শংকাই উপভোগ কৰিছে দুই দেশৰ সৌন্দৰ্য্য ৷

Also Read: ঘূৰ্ণীবতাহ 'ডানা'ৰ কবলত পশ্চিমবংগঃ নিহতৰ সংখ্যা ৪

Indo Chaina Border