/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-2025-07-07-16-10-20.jpeg)
ডিজিটেল সংবাদ, যোৰহাটঃ ছেপ্টেম্বৰ মাহত যোৰহাট জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব আন্তঃবিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ লগতে ভৱিষ্যতৰ বাবে সুদক্ষ হেণ্ডবল খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে যোৰহাট জিলা হেণ্ডবল সন্থাই বহুকেইটা কাৰ্যসূচীও হাতত লৈছে।
ইতিমধ্যে এই উদ্দেশ্য আগত ৰাখি হেণ্ডবল সন্থাই জিলাখনৰ কেইবাটাও স্থানত গ্ৰীষ্মকালীন হেণ্ডবল প্ৰশিক্ষণ ব্যৱস্থাৰো আয়োজন কৰিছে।
হেণ্ডবল প্ৰশিক্ষণ ল’বৰ বাবে আগ্ৰহী সকলে তথা বিদ্যালয়, ক্লাৱ, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৭৬৩৭৮৮৩১৮২, ৬০০০৫১৩২৮৮ অথবা ৮৬৩৮৮৪১৮৪৩ এই নম্বৰত যোগাযোগ কৰি প্ৰশিক্ষণত যোগদান কৰিব পাৰিব বুলি সন্থাৰ সম্পাদক দেৱজিত বৰাই জনাইছে।