আমাৰ মাতৃভাষা, আমাৰ দায়িত্ব

তথ্যপ্ৰযুক্তি, আধুনিকতাৰ লগত খোজ মিলাই আমাৰ মাতৃভাষাক কিদৰে ৰক্ষা কৰিব পাৰো সেয়া সম্পূৰ্ণ আমাৰ হাতত

author-image
Asomiya Pratidin
New Update
আমাৰ মাতৃভাষা, আমাৰ দায়িত্ব

লক্ষ্মীপ্ৰিয়া দত্ত

'অসমীয়া' শব্দটোৰ লগত এক বিশেষ আৱেগ জড়িত হৈ আছে। ঠিক তেনেদৰে মাতৃভাষা অসমীয়াৰ লগতো আমাৰ আছে বিশেষ টান। কিন্তু বহু অসমীয়া আছে যিয়ে অসমীয়া ক'বলৈ, নিজৰ সন্তানক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ কুন্ঠাবোধ কৰে। বহুতে গৌৰব অনুভব কৰে যে তেওঁলোকে অসমীয়া কব নাজানে। এয়াই হৈছে আমাৰ বৰ্তমান আমাৰ মাতৃভাষাৰ স্থিতি।

বহু সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰায় কমি গৈছে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে ইংৰাজীৰ ব্যৱহাৰ বৃদ্ধি হৈ গৈছে। ইংৰাজী শিকা বা কোৱাটো বেয়া কথা নহয়। কিন্তু নিজৰ মাতৃভাষা ক'বলৈ লাজ কৰাটো কোনো পধ্যেই সন্তুষ্টিৰ কাৰণ হ'ব নোৱাৰে।

অসমীয়া ভাষাটো অতি পুৰণি ভাষা । এই ভাষাত প্ৰভাৱ পৰিল আষ্ট্ৰিক, মংগোলীয়লোক সকলৰ। অসমীয়া ভাষাত কৈ ছুইডিছ, সিন্ধি, হিব্ৰু আদি ভাষা কোৱা লোকৰ সংখ্যা কম যদিও এই ভাষাবোৰৰ সমৃদ্ধশালী সাহিত্য সৃষ্টিত অৱদান বহু ওপৰত।

অসম এখন জনবহুল ৰাজ্য। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত বহুলোকৰ অসমলৈ প্ৰবজন ঘটে। যাৰ ফলত অসমৰ জনসংখ্যা বঢ়াৰ লগতে লাহে লাহে বিভিন্ন ভাষা কোৱা লোকৰ সংখ্যাও বৃদ্ধি হৈ আহিছে।

সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা অসমীয়া ভাষাটোৰ ৰক্ষাৰ বাবে আমি সংকল্প ল'ব পাৰো। অসমীয়া আছিল সমৃদ্ধিশালী ভাষা । আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে এই ভাষাটোক সাৰ পানী দি টনকিয়াল কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ল'ব পাৰো। ইয়াৰ বাবে গুৰুত্ব দিব লাগিব সাহিত্য চৰ্চা দিশটো। কিয়নো সাহিত্যই হে এটা জাতি এটা ভাষাক সমৃদ্ধশালী কৰি তোলে।

এজন ব্যক্তিৰ মাতৃভাষাই এজন ব্যক্তিৰ পৰিচয় নিৰূপণ কৰাত সহায় কৰে । আনকি কোনো কোনোৱে নিজৰ মাতৃভাষাক অতি সৌন্দৰ্য্যৰ বস্তু বুলিও গণ্য কৰে । বিশ্বৰ লোক সমাজৰ পৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনকদিনে লোপ পাই অহালৈ লক্ষ্য কৰি ৰাষ্ট্ৰসংঘই প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধাশীল আৰু সচেতন কৰাৰ অৰ্থে ২০০০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ভাৱে ২১ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব মাতৃভাষা দিৱস ৰূপে উদযাপন কৰি আহিছে ৷

যিসময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে, সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেও নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে ৷ আমি দৈনন্দিন জীৱনত যি ভাষাই নিশিকোঁ কিয়, মাতৃভাষা সকলোতকৈ শ্ৰেষ্ঠ, কাৰণ মাতৃভাষা হ'ল একেধাৰে সঁজুলি, আনন্দ, সুখ আৰু জ্ঞানৰ উৎস, ৰুচি আৰু অনুভূতিৰ পৰিচায়ক । সেইবাবেই আমি জাতিৰ আৰু ভাষাৰ প্ৰতি দায়বদ্ধ হৈ উঠি অহা প্ৰজন্মক ভাষা আৰু জাতিটোৰ প্ৰতি দায়বদ্ধ কৰি তুলিব লাগিব।

মানুহৰ বৌদ্ধিক বিকাশৰ বাবেও মাতৃভাষা এক গুৰুত্বপূৰ্ণ উপাদান। দেৱ-শিশু বা কেঁচুৱাই জন্মৰ পৰাই নিজৰ আৱেগ অনুভূতি প্ৰকাশৰ চেষ্টা কৰে। ইয়াত মাতৃয়ে শিশুক মৰমতে কৰা উচ্চাৰণসমূহক সংযোজিত কৰিবলৈ শিকায়। এইদৰেই মাকৰ লগত বা যাৰ লগত শিশু ডাঙৰ হয় তাৰ ভাষাৰ লগত শিশুৰ পৰিচয় গঢ়ি তোলে। কিন্তু সেইবুলি কেৱল মাকৰ বা প্ৰতিপালকৰ ভাষাকে মাতৃভাষা বুলিব এনে নহয়। শিক্ষা বিষয়ক মনোবিজ্ঞানে দেখুৱাইছে যে প্ৰাৰম্ভিক শৈশৱত অৰ্থাৎ শিশুৱে জ্ঞান আহৰণৰ সময়ত সহজে আৰু সততে যি ভাষা ব্যৱহাৰ কৰে তাকে মাতৃভাষা বুলিব পাৰি।

বৰ্তমান সময়ত অসমীয়া যুৱ প্ৰজন্মৰ মাজত ইংৰাজী, হিন্দী আদি অনুৰূপ ভাষাবোৰৰ বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায়। সেয়েহে বৰ্তমান যুৱ প্ৰজন্মই অসমীয়া ভাষাটোক সমৃদ্ধিশালী কৰি তুলিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। ইয়াৰ লগতে চৰকাৰখনে অসমীয়া ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত ল'ব পাৰে।

গতিকে অসমীয়া ভাষাটো জীয়াই ৰখাটো আমাৰ দায়িত্ব । কোৱাৰ লগতে লিখা আৰু অসমীয়া ভাষা ব্যৱহাৰত আমি গুৰুত্ব দিব লাগিব। তথ্যপ্ৰযুক্তি, আধুনিকতাৰ লগত খোজ মিলাই আমাৰ মাতৃভাষা আমি কিদৰে ৰক্ষা কৰিব পাৰো সেয়া সম্পূৰ্ণ আমাৰ ওপৰত।

Also Read: এজন প্ৰাক্তন মন্ত্ৰীৰ কথা...

international mother language day