আজি আন্তৰ্জাতিক অলিম্পিক দিৱস...

আজি আন্তৰ্জাতিক অলিম্পিক দিৱস...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২৩ জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় অলিম্পিক দিৱস। মূলতঃ অলিম্পিকৰ অন্তৰ্নিহিত চিন্তা তথা ভাৱনাক উদযাপন কৰাৰ বাবেই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে অলিম্পিক দিৱস উদযাপন কৰা হৈছিল ১৯৪৮ চনৰ ২৩ জুনত।

সেই সময়ত পৰ্টুগাল, গ্ৰীচ, অষ্ট্ৰিয়া, কানাডা, চুইজাৰলেণ্ড গ্ৰেট ব্ৰিটেইন, উৰুগুৱে, ভেনিজুৱেলা আদি দেশে নিজাববীয়াকৈ নিজ ৰাষ্ট্ৰত এই দিৱস উদযাপন কৰিছিল। সেই সময়ৰ ইন্টাৰনেচনেল অলিম্পিক কমিটিৰ অধ্যক্ষগৰাকীয়ে সমগ্ৰ বিশ্ববাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে এই দিৱস কেৱল খেলুৱৈসকলৰ বাবেই নহয়। বিশ্বৰ যুৱচামলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁ সকলোকে ক্ৰীড়াক জীৱনৰ এক অংশ হিচাবে আঁকোৱালি ল'বলৈ আহ্বান জনাইছিল।

আধুনিক অলিম্পিক গেমছৰ সৃষ্টি খ্ৰীষ্টপূৰ্ব ৮ম শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ ভিতৰত গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত প্ৰাচীন অলিম্পিক গেমছৰ দ্বাৰা অনুপ্ৰাণিত। বেৰন পিয়েৰ ডি কুবেৰ্টিনে ১৮৯৪ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি (আইঅচি) প্ৰতিষ্ঠা কৰিছিল আৰু অলিম্পিক গেমছৰ ভেটি স্থাপন কৰিছিল।

১৯৪৭ চনত চেকোস্লোভাকিয়াৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য ড০ জোচেফ গ্ৰোছ ষ্টকহোমত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ৪১ তম অধিৱেশনত এক প্ৰতিবেদন দাখিল কৰে আৰু অলিম্পিক দিৱস উদযাপনৰ বাবে এটা দিন পালন কৰাৰ প্ৰস্তাৱ দিয়ে।

তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যে অলিম্পিকৰ আদর্শ মূৰ্তমান কৰি তুলি প্ৰতিবছৰে অলিম্পিক দিৱস আয়োজন কৰাৰ। তেওঁৰ প্ৰস্তাৱক বিবেচনা কৰিয়ে ৪২ সংখ্যক আই অ' চিৰ অধিৱেশনত ২৩ জুন তাৰিখটোতে প্ৰতিবছৰে অলিম্পিক দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২৩ জুন দিনটো বাছি লোৱা হয় কাৰণ এই দিনটোতেই ১৮৯৪ চনততেই পেৰিছত ইন্টাৰনেচনেল অলিম্পিক কমিটি গঠিত হৈছিল।

উল্লেখযোগ্য যে আজি অলিম্পিক দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। অসম অলিম্পিক সন্থাইও অলিম্পিক দিৱসৰ কাৰ্যসূচী দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে। নগাঁৱত অনুষ্ঠিত অলিম্পিক দিৱসৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

আজি আন্তৰ্জাতিক অলিম্পিক দিৱস...
সলনি হৈ যাব আপোনাৰ জীৱন, যদিহে মানি চলে এই ৬টা কথা…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in